অসম সাহিত্য সভাৰ অধিবেশনলৈ ৰাজ্যৰ সাহিত্য প্ৰেমী আহিব লাগিব জৰাজীৰ্ণ পথেৰে

ফিল’বাৰীঃ অসম সাহিত্য সভাৰ ৭৪ সংখ্যক বুঢ়ীদিহিং-বৰডুমচা অধিৱেশন উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলি থকা পৰিলক্ষিত হৈছে। অহা ৭ ডিচেম্বৰত অধিৱেশন খনৰ লাই খুঁ‌টা স্থাপনেৰে শুভাৰম্ভ কৰিছিল সভাৰ মুল বাকৰিৰ মণ্ডপৰ কামৰ। ৰিতুপথাৰৰ 'বদৌচা সমন্বয় ক্ষেত্ৰ'ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে লাই খুঁ‌টা স্থাপনৰ পিছতেই অধিবেশনৰ কাম-কাজত ব্যস্ত হৈ পৰিছিল ৰাইজ৷ মাৰ্ঘেৰিটা মহকুমাৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতি, পৰম্পৰা, গায়ন-বায়ন, সহ স্বকীয় কলা-সংস্কৃতি প্ৰদৰ্শিত হ'ব সাহিত্য সভাৰ কাৰ্যসূচীত৷

অসম সাহিত্য সভাৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া অধবেশনত ৰাজ্যৰ মুখ্যমন্ত্ৰীকে ধৰি ৰাজ্যৰ আগশাৰীৰ কেইবাগৰাকী লোক উপস্থিত থাকিব৷ আনহাতে, যোৱা ৬ ডিচেম্বৰত অসম সাহিত্য সভাৰ ৭৪ সংখ্যক অধিৱেশনৰ লাইখুঁটা স্থাপন কৰিবলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে হেলিকপ্টাৰেৰে গৈছিল৷ যোৱা ৬ ডিচেম্বৰৰ পুৱা ১১ বজাত মুখ্যমন্ত্ৰীগৰাকীয়ে পৱনহংস হেলিকপ্তাৰ যোগে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী পেঙেৰীৰ ৰিতুপথাৰত উপস্থিত হৈ বদৌচা সমন্বয় ক্ষেত্ৰত পদাৰ্পণ কৰি চৌদিশে গায়ন-বায়নেৰে ৰজনজনাই উঠা বৈকুণ্ঠপুৰী যেন পৰিৱেশত লাইখুঁটা স্থাপন কৰি মুখ্য মন্ত্ৰী সোনোৱালে পৱন হংস হেলিকপ্টাৰেৰে উভতি আহে৷

হেলিকপ্টাৰেৰে তিনিচুকীয়ালৈ যোৱা মুখ্যমন্ত্ৰীয়ে অৱগত ন’হল জিলা খনৰ বাট-পথৰ কথা৷ সাহিত্য সভাৰ অধিবেশন অনুষ্ঠিত হ’বলৈ মাজত মাথো কেইটামান দিন বাকী আছে যদিও পথৰ অৱস্থাই জ্বলা-কলা খুৱাইছে ৰাইজক৷ পাঁচটা দিন বাকী থকা অৱস্থাত কেইবাটাও গুৰুত্বপূৰ্ণ পথ মেৰামতি নকৰাত বাৰুকৈয়ে ৰাইজ সমস্যাত পৰিছে৷ বিশেষকৈ যোৱা নিশা অহা এজাক বৰষুণতে অঞ্চলটোৰ ফিল’বাৰী-পেঙেৰী, বিজুলীবন-ৰতনী, মহাদেৱপুৰ-বৰডুমচা আদি পথত আহ-যাহ কৰিবৱ নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়৷ পথৰ প্ৰকাণ্ড প্ৰকাণ্ড গাতে ব্যাপক সমস্যাত পেলাইছে ৰাইজে৷

গাড়ী মটৰটো দূৰৰ কথা খোজকাঢ়িব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয়৷ সাহিত্য সভাৰ অধিৱেশনলৈ সংযোগ হৈ থকা একাধিক গুৰুত্বপূৰ্ণ পথৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে৷ প্ৰশাসন তথা চৰকাৰে সাহিত্য সভাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ বাট-পথ সমূহ নিৰ্মানত যেনেদৰে গুৰুত্ব দিব লাগিছিল তেনেদৰে গুৰুত্ব প্ৰদান কৰা দেখা নগ’ল৷ কেৱল ডিগবৈ-পেঙেৰী সংযোগী পথ পালমৰা ধৰণে মেৰামতি কৰি দায়িত্ব সামৰে৷ তদুপৰি অধিবেশনস্থলীৰ সমীপৰ দুটা পথ নিৰ্মাণৰ কাম চৰকাৰে আৰম্ভ কৰে যদিও সেয়াও সম্পূৰ্ণ নহ’ল৷ উল্লেখ্য যে অহা ৩১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰীলৈকে তিনিচুকীয়া জিলাৰ বুঢ়ীদিহিঙৰ ৰিতুপথাৰত  মৰাণ ৰজা বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ’ব সাহিত্য সভাৰ কেন্দ্ৰীয় অধিবেশন৷ ইপিনে অধিবেশনৰ কিছু কাৰ্যসূচী অনুষ্ঠিত হ’ব ৰিতুপথাৰৰ সমীপৰ অৰুণাচলৰ বৰডুমছাৰ চিংফৌ হেৰিটেজ চেন্টাৰত৷