
বাহাকাবাৰীঃ ২০ বছৰে এটি শিল নপৰিল ৰাজ্যৰ এটি পথত৷ মেৰামতিৰ অভাৱত প্ৰকাণ্ড প্ৰকাণ্ড গাতৰ বাবে এতিয়া গাড়ী-মটৰটো দুৰৰ কথা খোজকাঢ়িব নোৱাৰা হৈছে পথটোত৷ নগাঁও জিলাৰ বঢ়মপুৰ সমষ্টিৰ কঠিয়াতলী-বামুনী গড়কাপ্তানী পথৰে যাতায়ত কৰোতে সাৱধান হ’ব লগা হয়।
কিয়ণো ককাঁল, দাঁত, মুখ ভাঙিব পাৰে পথত গা’তত পৰি। কঠিয়াতলী বামুনী সংযোগী ১০ কিঃ মিঃ দৈৰ্ঘ্যৰ পথটোত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতত পৰিলে দাঁত, মুখ ভঙাটো খাতাং।
২০ বছৰে মেৰামতি নকৰা পথটোক লৈ সমস্যাত পৰিছে বঢ়মপুৰবাসী। পথটোত প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ সৃষ্টি হোৱাত গাড়ী মটৰ চলা চল বন্ধ হৈ পৰিছে। পথটোত দুৰ্ঘটনা সংঘটিত হৈ কেইবাজনো লোক মৃত্যু মুখত পৰাৰ লগতে বহুকেইজন চিৰ দিনৰ বাবে ঘূনীয়া হৈছে।
তথাপিও কানসাৰ নাই সমষ্টিৰ বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে ৰাজ্য চৰকাৰৰ। পৰিৰ্তনৰ শ্ল’গান দিয়া চৰকাৰ খনে এই ৰাস্তাটোৰ মেৰামতি কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হয়।