প্ৰাক্তনমন্ত্ৰী ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্ত কৰিব চৰকাৰে

গুৱাহাটীঃ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ পৰ্বত সম সম্পত্তিৰ হিচাপ দাখিল কৰি ৰাজ্যত হৈ চে লগোৱা কংগ্ৰেছ নেতা অনিল ৰাজাক কংগ্ৰেছ দলে বিদায় দিলেও ৰাজ্যৰ বিজেপি চৰকাৰৰ ওচৰত ৰাজাৰ গুৰুত্ব বাঢ়িছে৷ একালৰ সতীৰ্থ অনিল ৰাজাই ৰকিবুলৰ বেনামী সম্পত্তি থকাৰ অভিযোগ উত্থাপন কৰিছিল৷

দল বিৰোধী কাৰ্যত লিপ্ত থকাৰ অভিযোগত অসম প্ৰদেশ কংগ্ৰেছ সমিতিয়ে দলৰ পৰা বহিস্কাৰ কৰিলেও ৰাজাৰ অভিযোগৰ ভিত্তিতে এতিয়া কংগ্ৰেছৰ প্ৰভাৱশালী নেতা প্ৰাক্তনমন্ত্ৰী ৰকিবুলৰ হুছেইনৰ সম্পত্তিৰ তদন্ত কৰিব চৰকাৰে৷

ৰকিবুল হুছেইনৰ সম্পত্তিৰ তদন্ত কৰিব বাবে সোমবাৰে অনুমোদন জনাই চৰকাৰে৷ দুৰ্নীতি নিবাৰক শাখাই ৰকিবুল হুছেইনৰ বিৰুদ্ধে তদন্ত কৰিব৷ তদন্তত দোষী সাব্যস্ত হলে গোচৰ ৰুজু কৰা হ’ব ৰকিবুল হুছেইনৰ বিৰুদ্ধে৷

প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা প্ৰভাৱশালী নেতা ৰকিবুল হুছেইনৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰাৰ লগতে পৰ্বতসম সম্পত্তিৰ তালিকা সংবাদ মাধ্যমক প্ৰদান কৰিছিল অনিল ৰাজাই৷