
newsnextone.com | ৰৌতাঃ ১৯৯৩ চনৰ ১০ জুন তাৰিখে স্থাপন হোৱা ওদালগুৰি জিলাৰ অন্তৰ্গত ৰৌতা কনিষ্ঠ মহাবিদ্যালয়খনে চলিত বৰ্ষৰ ১০ জুন তাৰিখে ২৫ বছৰ অতিক্ৰম কৰে। ২৫ বছৰ গৰকা মহাবিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিৰ সিদ্ধান্তমৰ্মে যোৱা ২২ আৰু ২৩ চেপ্তেম্বৰ তাৰিখে দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে ৰূপালী জয়ন্তী উদযাপন কৰা হয়।
সেই উপলক্ষে নিখিল বড়ো ছাত্ৰ সন্থাৰ ৰৌতা আঞ্চলিক সমিতিৰ তৰফৰ পৰা ৰৌতা স্থিত বিএছএনএল টাৱাৰৰ কাষত এখন আদৰণি তুৰণ দিয়া হৈছিল। কিন্তু যোৱা শনিবাৰে নিশা অচিনাক্ত দুৰ্বৃত্তই তুৰণখন ভাঙি লণ্ডভণ্ড কৰি মাটিত পেলাই থৈ যায়। উক্ত ঘটনাটোক লৈ বৃহত্তৰ ৰৌতা অঞ্চলত চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে।
বড়ো জনগোষ্ঠীৰ একমাত্ৰ জাতীয় সংগঠন এবছুৰ দৰে ছাত্ৰ সংগঠনে দিয়া আদৰণি তুৰণখন ভঙা কাৰ্যক সংগঠনটোৰ নেতৃত্বই সহজভাবে মানি লব পৰা নাই। এই বিষয়ে এবছুৰ ৰৌতা আঞ্চলিক সমিতিৰ সভাপতি অঞ্জালু দৈমাৰীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাৰ লগত জড়িত ব্যক্তিসকলক অতিশীঘ্ৰে কৰায়ত্ব কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ চৰকাৰ তথা প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰে।
জানিব পৰা মতে, উক্ত বিষয়টো সন্দৰ্ভত এবছুৰ ৰৌতা আঞ্চলিক সমিতিৰ সভাপতি অঞ্জালু দৈমাৰী আৰু সম্পাদক কৈলাশ বসুমতাৰী স্বাক্ষৰিত এখন এজাহাৰ ৰৌতা থানাত দাখিল কৰিছে। লগতে ৰৌতা কনিষ্ঠ মহাবিদ্যালয়খনৰ ৰূপালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰাও ঘটনাৰ লগত জড়িত ব্যক্তি ব্যক্তিসকল গ্ৰেপ্তাৰ কৰিবলৈ এখন আবেদন জনায়। পৰবৰ্তী সময়ত আৰক্ষীয়ে কি ব্যৱস্থা হাতত লয় সেয়াহে হব লক্ষণীয়।