
newsnextone.com | ওদালগুৰিঃ ওদালগুৰি জিলাৰ ৰৌতাত শনিবাৰে কেইবাটাও সংগঠনে চিকিৎসালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ন কৰে। ৰৌতা চাৰিআলিস্থিত ৰৌতা আদৰ্শ চিকিৎসালয়ৰ সমস্যা সমাধান কৰাৰ দাবীত আক্ৰাছু, যুৱ-ছাত্ৰ পৰিষদ, এবছু, আছা, বেংগলী ফেডাৰেশ্বন আৰু ৰৌতা বণিক সন্থাই হাস্পতাল ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে।
অঞ্চলটোৰ ছয়টাকৈ সংগঠনে আক্ৰাছুৰ নেতৃত্বত দিনৰ এঘাৰ বজাৰ পৰা হাস্পতাল কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্নীতি, অভব্য আচৰণকে ধৰি বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে আদৰ্শ হাস্পতালখনৰ ভাৰপ্ৰাপ্ত বিষয়া সুভাষ বসুমতাৰীৰ ব্যাপক অনিয়ম সংঘটিত কৰি অহা বুলি অভিযোগ উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে হাস্পতালখনৰ সন্মুখত সুভাষ বসুমতাৰী মুৰ্দাবাদ, আদৰ্শ হাস্পতালত দালালগিৰি নচলিব, দুৰ্নীতি বন্ধ কৰক, ৰোগীৰ জীৱনকলৈ হেতালি খেলা বন্ধ কৰক ইত্যাদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।
দীৰ্ঘদিন ধৰি ৰৌতা আদৰ্শ চিকিৎসালয়ত বিভিন্ন দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই৷ স্থানীয় সংগঠনে চিকিৎসালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰিছিল যদিও কৰ্তৃপক্ষই ওলোটা অভব্য আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰে সংগঠনকেইটাই। চিকিৎসালয়খনলৈ যোৱা ৰোগীসকলকো এনে ব্যৱহাৰ কৰাৰ কথা উল্লেখ কৰি চিকিৎসালয়খনত সাধাৰণ ৰোগৰ ঔষধ নথকাৰ কথা ব্যক্ত কৰে।
চিকিৎসালয়খনক চৰকাৰে যোগান ধৰা বিনামূলীয়া ঔষধৰ লগতে কপাহ, বেজী আদিকে ধৰি বিভিন্ন সামগ্ৰীসমূহ কৰ্তৃপক্ষই বাহিৰত বিক্ৰী কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ সংগঠনকেইটাই কয় যে কিছুমান বিশেষ ফাৰ্মাচীৰ সৈতে বুজা বুজি কৰি চিকিৎসালয় কৰ্তৃপক্ষই ৰোগীসকলক দৰৱসমূহ সেই বিশেষ ফাৰ্মাচীৰ পৰা ক্ৰয় কৰিবলৈ হেচা প্ৰদান কৰে। আন এক বিস্ফোৰক মন্তব্য প্ৰকাশ কৰি প্ৰতিবাদী সংগঠনৰ নেতৃত্বই কয় যে চিকিৎসালয়খনৰ চিকিৎসকসকলে নিজৰ কোৱাৰ্টাৰত অবিবাহিত নাৰীৰ গৰ্ভপাত কাৰ্য সমাপন কৰে।
ইয়াৰ বিৰুদ্ধে চিকিৎসালয় কৰ্তৃপক্ষই সকলো জানিও নজনাৰ ভাও লৈ থকাৰ কথা উল্লেখ কৰে। আনহাতে গৰ্ভৱতী মহিলাৰ প্ৰসৱৰ বাবে প্ৰতিজন চিকিৎসকক তিনিশৰ পৰা পাঁচশ টকা পৰ্যন্ত দিব লাগে বুলি মত ব্যক্ত কৰে। অনাগত দিনত চিকিৎসালয়খনত এনে ধৰণৰ অনিয়ম সংঘটিত হৈ থাকিলে জংগী আন্দোলনৰ হুংকাৰ দিয়ে আক্ৰাছুই। আনহাতে চিকিৎসালয়খনৰ আন এগৰাকী চিকিৎসক যতীন নাথৰ বিৰুদ্ধে উত্থাপন কৰে ভয়ংকৰ অভিযোগ।
চিকিৎসকগৰাকীয়ে হাস্পতালখনত ঔষধ নথকাৰ সুযোগ লৈ নিজেই কিছুমান ঔষধ আনি বিক্ৰী কৰা বুলি প্ৰতিবাদী সংগঠন কেইটাই অভিযোগ কৰে। আদৰ্শ হাস্পতালখনত জৰুৰী অৱস্থাত চিকিৎসক নথকাৰ অভিযোগ উত্থাপন কৰি সংগঠনকেইটাই কয় যে আদৰ্শ হাস্পতালখনত দাঁতৰ চিকিৎসকে দুৰ্ঘটনাত আহত ৰোগীক চিকিৎসা কৰে। ইফালে হাস্পতালখনত সাংবাদিকৰ এটা দল উপস্থিত হোৱাৰ সময়ত একাংশ চিকিৎসকৰ কোঠা খালী হৈ থকা প্ৰত্যক্ষ কৰা দেখা গৈছিল। প্ৰতিবাদৰ অন্তত প্ৰতিবাদী সংগঠনকেইটাই বিষয়সমূহ দৃষ্টিগোচৰ কৰি জিলা উপায়ুক্তৰ লগতে জিলা স্বাস্থ্য বিভাগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।