কংগ্ৰেছৰপৰা খেদা খাই অহা নেতাক দলত থাকিবলৈ নিদিয়োঃ আৰপি শৰ্মা

গুৱাহাটীঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পুনৰ সৰৱ হৈ পৰে তেজপুৰৰ বিজেপি সাংসদ তথা দলটোৰ জ্যেষ্ঠ নেতা আৰ পি শর্মা। মন্ত্ৰীগৰাকীৰ সন্দৰ্ভত তেওঁ কয় যে ২০২১ লবি ৰাজনীতিৰ অৱসান ঘটায় ৰাজ্যত পুনৰ সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত বিজেপি চৰকাৰ হ’ব। য’ত বিজেপি দলে লাভ কৰিব ৭০-৮০ খন আসন। লগতে ২০২১ চনৰ চৰকাৰত সৰ্বানন্দ সোণোৱাল বিজেপি দলত থাকিব কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপি থাকিবলৈ নাপায় বুলিও তেওঁ কয়৷

সাংসদ গৰাকীয়ে হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছৰপৰা খেদা খোৱা নেতা বুলি কটাক্ষ কৰি কয়৷ 

কংগ্ৰেছৰপৰা খেদা খাই অহা নেতাক আমাৰ দলটো থাকিবলৈ নিদিয়ো বুলি বিস্ফোৰক মন্তব্য প্ৰকাশ কৰে আৰ পি শৰ্মাই৷

আনহাতে, বৃহস্পতিবাৰে অনুষ্ঠিত হ’বলগীয়া তেজপুৰত জনসাধাৰণে কাক ভোট দিব বুলি সোধাৰ প্ৰশ্নত সাংসদ গৰাকীয়ে কয় যে জ্যোতি বিষ্ণু-ফণী পূণ্য ভূমিত জ্ঞানী ব্যক্তিক ভোট দিয়ক বুলি মুকলিকৈ জনসাধাৰণ আহ্বান জনায়। লগতে তেজপুৰৰ সম্পৰ্কত অভিজ্ঞতা থকা ব্যক্তিক মুকলিকৈ ভোট দিবৰ বাবে আহ্বান জনায় সাংসদ গৰাকীয়ে।