
ডিজিটেল ডেস্কঃ বেলট পেপাৰক লৈ অভিযোগ৷ উত্তৰ প্ৰদেশৰ ৰাজ্যসভা নিৰ্বাচনৰ ভোট গণনা বন্ধ ৰাখে নিৰ্বাচন আয়োগে৷ উত্তৰ প্ৰদেশৰ নিৰ্বাচন আয়ুক্তৰ সেউজ সংকেত লাভ কৰাৰ পিছতেই পুনৰ ভোট গণনা আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷
শুকুৰবাৰে কেইবাখনো ৰাজ্যৰ লগতে উত্তৰ প্ৰদেশৰ ৰাজ্য সভাৰ আসনৰ নিৰ্বাচন অনুষ্ঠিত হয়৷ ১০ খন আসনৰ ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিৰ ৮ খন আসনত জয় নিশ্চিত৷ বিজেপি আৰু বিএছপিয়ে ১০ নং আসনৰ বাবে প্ৰাৰ্থী থিয় কৰায়৷ ১০ নং আসনত বিৰোধীয়ে ক্ৰছ ভোটিঙৰ অভিযোগ উত্থাপন কৰে৷ যাৰ ফলত ভোট গণনা বন্ধ কৰিব লগা হয়৷