
মোৰাঝাৰঃ দেশৰ জনসাধাৰণৰ অধিকাৰ হিচাপে ২০০৫ চনত আৰম্ভ হোৱা তথ্য জনাৰ আইন বৰ্তমানে বহুতো ঠাইত প্ৰায় নহোৱা হোৱাৰ দৰেই৷ হোজাই জিলাৰ যোগীজানতো ধোৱাচাঙত উঠিছে এই তথ্য জনাৰ অধিকাৰ আইন।
হোজাইৰ যোগীজান প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত জয়নগৰ উপ স্বাস্থ্য কেন্দ্ৰৰ এলেকাৰ স্বপুৰ গাঁৱৰ আশাকৰ্মী খুদেজা বেগম আৰু শিঙিৰপাৰ গাঁৱৰ আশাকৰ্মী মঞ্জুমা বেগম ভিলেইজ হেল্থ চেনিটেচন কমিটি চমুকৈ VHSC ৰ ২০০৮ ৰ পৰা ২০১৭ চনলৈ আৱন্টন হোৱা ধন, উক্ত টকা কি কি কামত খৰচ কৰা হৈছে ভাউচাৰ সহ তথ্য আৰু VHSC ৰ একাউন্টৰ ফটো কপি বিচাৰি তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত স্থানীয় যুৱক মুজিবুৰ ৰহমানে আবেদন জনাইছিল কিন্তু ৰহস্য জনক বাবে যোগীজান স্বাস্থ্য কেন্দ্রই সময় মতে তথ্য নিদি এই যাৱতীয় তথ্য হেৰাই যোৱা বুলি নীলবাগান আৰক্ষীৰ এখন আৰক্ষী ৰিপৰ্ট আবেদনকাৰীক দিয়ে।
প্ৰায় দহ লক্ষ টকাৰ দূৰ্নীতি ফাদিল হোৱাৰ ভয়ত যোগীজান স্বাস্থ্য কেন্দ্ৰৰ গাণনিক বিষয়া এনে দৰে চতুৰালিৰে চৰকাৰী ধন আশা কৰ্মীৰ লগত মিলি শৰাধ কৰা বুলি অভিযোগ উদ্ধাপন কৰিছে আবেদনকাৰীয়ে। উল্লেখ্য যে ৰহস্য জনক ভাবে যোৱা ১৮ নৱেম্বৰত নীলবাগান বজাৰত আশাকৰ্মীৰ যাৱতীয় তথ্য হেৰাই যোৱা বুলি আৰক্ষীৰ পৰা এখন ৰিপৰ্ট সহ কালি নীলবাগান আদৰ্শ চিকিৎসালয়ৰ বৰা উপাধিৰ এজন কৰ্মচাৰীয়ে আবেদনকাৰীক ঘৰত নি দিয়ে। এই সংক্ৰান্তত এও গোচৰ তৰিব বুলি জানিব পৰা গৈছে।