১৫ দিনত ভৰি দিলে গ্ৰ‍ামীন ডাক সেৱকৰ অৱস্থান ধৰ্মঘটে

newsnextone.com | জাজৰিঃ গ্ৰাম্য এলেকাৰ যোগাযোগৰ অন্যতম মাধ্যম হৈছে ডাক সেৱা৷ গ্ৰাম্য এলেকাৰ ডাকসেৱা জীয়াই ৰখা আৰু ৰাইজক সেৱা কৰি অহা ভাৰতীয় ডাক সেৱাত কৰ্মৰত গ্ৰামীন ডাক সেৱকসকলক চৰকাৰে গুৰুত্ব প্ৰদান নকৰাত দীৰ্ঘদিনধৰি প্ৰতিবাদ কৰি আহিছে৷ কেজুৱেল পৰ্যায়ত কাম কৰি থকা ডাক সেৱকসকলক কেন্দ্ৰীয় চৰকাৰে দৰমহা বৃদ্ধি তথা চাকৰি নিয়মীয়াকৰণ নকৰাত ক্ষোভিত হৈ পৰিছে৷

যাৰ ফলত পুনৰ প্ৰতিবাদ সাব্যস্ত কৰি ডাক সেৱকসকলে দাবী পূৰণ কৰাৰ দাবী জনায়৷ গ্ৰামীন ডাক সেৱক ইউনিয়নৰ নগাঁও জিলা সমিতিয়ে যোৱা ২২ মে'ৰ পৰা অনিৰ্দিষ্ট কালীন ধৰ্মঘট পালন কৰিছে৷ মঙলবাৰে ১৫ দিনত ভৰি দিলে ধৰ্মঘটে৷ তাৰ পিছতো কেন্দ্ৰীয় চৰকাৰে কৰ্মচাৰীৰ দুখৰ বেদনা বুজি পাবলৈ সক্ষম হোৱা নাই। 

সামান্য কেইটামান দৰমহাৰে গ্ৰাম্য অঞ্চলত ডাক সেৱা আগবঢ়ােৱা হেজাৰ হেজাৰ ডাক সেৱকে সপ্তম দৰমহা আয়োগৰ প্ৰতিবেদন তেওঁলোকৰ ক্ষেত্ৰতো কাৰ্যকৰী কৰিবলৈ দাবী জনায়৷ অন্যথাই ধৰ্মঘট কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব হুলি কয়। 

সমগ্ৰ ভাৰতবৰ্ষৰ অন্যান্য জিলাৰ লগতে নগাঁও জিলাৰ ইউনিয়নৰ সভাপতি নাৰায়ন চন্দ্ৰ বৰা আৰু সম্পাদক জীৱন শইকীয়াৰ স্বাক্ষৰযুক্ত স্মাৰকপত্র ভাৰতৰ প্ৰধানমন্ত্রী, কেন্দ্ৰীয় যোগাযোগ মন্ত্রী আৰু ডাক বিভাগৰ সচিবলৈ প্ৰেৰণ কৰে।