
মাৰ্ঘেৰিটাঃ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ অন্তৰ্গত লেখাপানীত বৃহস্পতিবাৰে চতুৰ্দশ বিত্তীয় আয়োগৰ ২০১৫-১৬ বৰ্ষৰ পূঁজিৰ ৬,৭৫,৮৮৭.০০ টকাৰে নিৰ্মাণ হ’বলগীয়া পথৰ শুভৰাম্ভ কৰে স্থানীয় বিজেপি নেতা দিচেন টিপমীয়াই৷
লেখাপানী গাঁও পঞ্চায়তৰ অন্তৰ্গত ভোজেল অঞ্চলৰ লোকৰ যাতায়াতৰ বাবে গ্ৰাম্য পথটো নিৰ্মাণ কৰাৰ ব্যৱস্থা কৰাত ৰাইজে বিধায়কগৰাকীৰ শলাগ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক ভাস্কৰ শৰ্মাৰ৷ বিগত কেবাবছৰ ধৰি পথটোৰ দুৰৱস্থাৰ বাবে ৰাইজে জীয়াতু ভোগ কৰি আহিছে৷