ছিণ্ডিকেট ৰোধত ব্যৰ্থ বিজেপি, বিশ্বজিৎ-শব্দৰ অভিযোগ

কাজলগাঁওঃ বিটিচিত কংগ্ৰেছে শক্তিশালী কৰিব সাংগঠনিক ভেটি৷ আজি চিৰাং জিলাৰ বিজনী চহৰস্থিত বড়োবজাৰ ব্লক কংগ্ৰেছৰ কাৰ্যালয়ত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা চিৰাং জিলাৰ তত্বাৱধায়ক শব্দ ৰাভাই সংবাদ মেল যোগে এই কথা প্ৰকাশ কৰে৷

দলৰ সদস্য ভৰ্তি, সাংগঠনিক দিশ শক্তিশালী কৰাৰ বাবে দলৰ নেতা কৰ্মীয়ে কাম কৰি আছে বুলি কৈ বিজেপি দলে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি ৰক্ষা কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন কৰি বিটিচিত প্ৰতাৰণাৰ বিৰুদ্ধে সৱল প্ৰতিবাদ গঢ়ি তুলিব বুলি কয় ৰাভাই৷

সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিশ্বজিত ৰায়ে বিজেপিয়ে নিৰ্বাচনৰ সময়ত ছিণ্ডিকেট, চেকগেট বন্ধ কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল সেই প্ৰতিশ্ৰুতি পালন কৰিব পৰা নাই বুলি বিজেপিক সমালোচনা কৰে৷ শ্ৰীৰামপুৰ, ছাগলীয়া আন্তঃৰাজ্যিক গেটত আজিও আৰক্ষীৰ সহযোগত চিণ্ডিগেট ৰাজ অব্যাহত আছে বুলি কয় ৰায়ে৷

কেন্দ্ৰৰ বিজেপি চৰকাৰে তিনিবছৰ পূৰ্ণ কৰিলে যদিও তিনিবছৰ পূৰ্বে নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা দিব লাগিছিল যদিও জনজাতিকৰণৰ দাবীক গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে ৰায়ে৷

বিটিচিৰ নিৰ্বাচনত কংগ্ৰেছে এককভাৱে নিৰ্বাচন খেলিব বুলিও কয় ৰায়ে৷ সাংসদ নৱ কুমাৰ শৰণীয়াই সমষ্টিৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হোৱা বুলিও ৰায়ে অভিযোগ কৰে৷