লালিমছিগাত বাৰ্ষিক সবাহ ভাওনা, দিলিপ শইকীয়াক ভাওনাশ্ৰী উপাধি

শিৱসাগৰঃ শিৱসাগৰ জিলাৰ অামগুৰিৰ লালিমছিগা শংকৰী কলাকৃষ্টি বিকাশ কেন্দ্ৰত ২২ অক্টোবৰত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব শঙ্কৰদেৱ গুৰুজনাৰ জন্মজয়ন্তী অাৰু সাতসৰী ভাওনা দলৰ বাৰ্ষিক সবাহ ভাওনা৷ কাৰ্যসূচী অনুসৰি পুৱা ৬.৩০বজাত পতাকা উত্তোলন কৰিব ভীমকান্ত গগৈয়ে, ৬.৪৫ বজাত স্মৃতি তৰ্পন কৰিব ফণীধৰ গগৈয়ে।

পুৱা ৮বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া নামকীত্তৰ্ন, অাবেলি ৩বজাত দ-তিনিকুৰীয়া মহিলা সমাজৰ দিহানাম উদ্ধোধন কৰিব বিশিষ্ট সমাজকৰ্মী দিনেশ্বৰ গগৈয়ে। সন্ধিয়া ৫বজাত বন্তি প্ৰজ্বলন কৰাৰ পিছতে ৬বজাত সন্ধ্যা অনুষ্ঠান উদ্বোধন কৰিব অামগুৰি অাৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নৱ কুমাৰ দাসে।

সন্ধিয়া ৬.৩০বজাৰ পৰা অনুষ্ঠিত হব "অাধুনিকতা হাতোৰাত ভাওনা অাৰু ইয়াৰ প্ৰতিকাৰ" শীৰ্ষক এক বক্তৃতা অনুষ্ঠান৷ এই অনুষ্ঠানত নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব অসম সত্ৰ মহাসভাৰ সাংস্কৃতিক সচিব অজয় বৰুৱা। অসমৰ ভাওনা সংস্কৃতিৰ প্ৰচাৰ অাৰু প্ৰসাৰৰ হকে অাগবঢ়োৱা অন্যবদ্য অৱদানৰ বাবে বিশিষ্ট সাংস্কৃতিক কৰ্মী তথা নাট্যশিল্পী দিলিপ শইকীয়াক "সাতসৰী ভাওনাশ্ৰী" সন্মান প্ৰদান কৰা হ’ব।

বঁটা প্ৰদান কৰিব শংকৰী সংস্কৃতিৰ জ্যেষ্ঠ সাধক ডিম্বেশ্বৰ গগৈয়ে। ৮.৩০বজাৰ পৰা প্ৰৰ্দশন হব সাতসৰী নিবেদিত "হৰিশ্চন্দ্ৰ উপ্যাখ্যান" নামৰ ভাওনা। ভাওনা উদ্বোধন কৰিব বিশিষ্ট ভাওনাকৰ্মী উৎপল খনিকৰে।