
newsnextone.com | গোৰেশ্বৰঃ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত চমক সৃষ্টি কৰিছিল বিজেপি দলে৷ ৰাজ্যখনৰ উন্নয়নৰ সকলো প্ৰতিশ্ৰুতি দিছিল দলটোৱে৷ ৬ জনগোষ্ঠীৰ জনজাতিকৰণ, ৰাস্তা-ঘাটৰ উন্নয়ন, কৃষকৰ সমস্যা সমাধান, বিশুদ্ধ খোৱাপানী যোগান, সংস্থাপন, ছাত্ৰীক স্কুটি প্ৰদানকে ধৰি শ-শ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল বিজেপি দলে৷
দলটোৱে ব্যাপক চমক সৃষ্টি কৰিছিল নিৰ্বাচনৰ পূৰ্বে৷ নিৰ্বাচনৰ পিছত গাদী দখল কৰি চমক সৃষ্টিৰ মাত্ৰা তিনিগুণ বৃদ্ধিহে হয়৷ নিৰাপত্তাৰক্ষী নোলোৱা, ৰঙা লাইট নোলোৱা, সাধাৰণ ৰাইজৰ সৈতে ট্ৰেফিক চিগনেলত ৰৈ দিয়া, বিধানসভালৈ চাইকেল লৈ অহা আদিৰে চমক সৃষ্টি কৰি মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল৷
বিজেপি দলে যোৱা বিধানসভা নিৰ্বাচনত ৰাজ্যৰ ভেন্সাৰ স্কুলৰ শিক্ষকক স্কুল সমূহ প্ৰাদেশীকৰণৰ প্ৰতিশ্ৰুতি দিছিল৷ চৰকাৰ গঠন কৰাৰ পিছতে শিক্ষকসকলৰ চাকৰি নিয়মীয়া হ’ব বুলি আশা কৰি ৰাজ্যৰ শিক্ষকসকলে বিজেপি দলক হয়তো ভোটদান কৰিছিল৷ কিন্তু চৰকাৰ গঠন কৰাৰ প্ৰায় ২৫ মাহ পাৰ হ’ল যদিও শিক্ষকসকলৰ চাকৰি নিয়মীয়া কৰাটো দুৰৰ কথা শিক্ষকৰ কথাই শুনিবই নোখোজে চৰকাৰে৷
তাৰ লগে লগে বৰ্তমানৰ শিক্ষামন্ত্ৰীয়ে শিক্ষকৰ সমস্যা সমাধানৰ বাবে মুঠেই আগ্ৰহী নহয় বুলি কয় ৰাজ্যৰ শিক্ষকে৷ পূৰ্বৰ মন্ত্ৰীয়ে কেমেৰাৰ সন্মুখত শিক্ষকক অবাঞ্চিত প্ৰশ্নৰ অৱতাৰণা কৰি তুচ্ছ-তাচ্ছিল্য কৰিছিল৷ কিন্তু নতুনকৈ শিক্ষা বিভাগৰ মন্ত্ৰিত্ব লাভ কৰা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই শিক্ষকৰ কথাই আজিলৈ শুনিবলৈ ইচ্ছা কৰা নাই৷ শিক্ষকৰ চাকৰি নিয়মীয়া কৰাটো দুৰৰ কথা চমক সৃষ্টি কৰা মন্ত্ৰীয়ে শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ বাবে যে পদক্ষেপ ল’ব সেই আশা ক্ষীণ৷
যাৰ বাবে ৩০-৩২ বছৰ ধৰি শিক্ষকতা কৰা শিক্ষকসকলৰ মাজৰ পৰা এজন এজনকৈ পৃথিৱীৰ পৰা মেলানি মাগিছে৷ বছৰ-বছৰ ধৰি বিনা বেতনে ভেন্সাৰ শিক্ষানুষ্ঠানত সেৱা আগবঢ়াই এতিয়া এজনৰ পিছত আনজন শিক্ষকে বিভিন্ন কাৰণত মৃত্যুক আঁকোৱালি ল'ব লগা হৈছে। পুনৰ চিকিৎসাৰ অভাৱত আৰু এজন ভেন্সাৰ স্কুলৰ শিক্ষকে মৃত্যু বৰণ কৰিব লগীয়া ঘটনা সংঘটিত হৈছে বিটিএডিৰ বাক্সা জিলাৰ গোৰেশ্বৰত। গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বেতনা ৰাজাখাত গাঁৱৰ তথা বড়ো মাধ্যমৰ গোপচাৰ এমই স্কুলৰ সহকাৰী শিক্ষক চবেন বড়োৰ তিনি পূৰ্বে দেহাৱসান ঘটে।
দীৰ্ঘদিন ধৰি মধুমেহ ৰোগৰ আক্ৰান্ত শিক্ষক চবেন বড়োৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। গোপচাৰ এম ই স্কুলত ১৯৮৮ চনৰ ১ জানুৱাৰীত যোগদান কৰি চবেন বড়োয়ে ৩০ বছৰ কাল বিদ্যালয়খনত বিনা বেতনে শিক্ষকতা কৰাৰ পিছত এইবাৰ অন্ততঃ আশা প্ৰকাশ কৰিছিল যে তেওঁলোকৰ পদ প্ৰাদেশিকীকৰণ কৰা হ'ব।
কিন্তু বিগত তিনি-চাৰি বছৰ ধৰি বিভিন্ন ৰোগত ভুগি চিকিৎসাৰ নামত সকলো শেষ কৰি শেষ পৰ্যায়ত অৰ্থৰ অভাৱত উন্নত চিকিৎসা অবিহনে মৃত্যু মুখত পৰিব লগা হ'ল শিক্ষকজন। উল্লেখ্য যে, এটা সময়ত ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়া চবেন বড়োই ভেন্সাৰ শিক্ষানুষ্ঠানখনত যোগদান কৰি ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিলে যদিও জীৱনৰ শেষ সময়তো কোনো আৰ্থিক সকাহ নাপালে।
পূৰ্বৰ শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেৱল নিজ ইচ্ছাৰে ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনক লৈ ৰাজনীতি কৰি থকাত এনেদৰে মূল্যবান জীৱন অকালতে হেৰুৱাব লগা হ'ল বহুজনে। বিজ্ঞান শিক্ষক চবেন বড়োৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই। ঐক্যমঞ্চই দাবী জনাইছে যে এইসকল শিক্ষকৰ মৃত্যুৰ বাবে কেৱল ৰাজ্যৰ শিক্ষা বিভাগ জগৰীয়া। গোচৰ ৰুজু হ’ব লাগে শিক্ষ বিভাগৰ বিৰুদ্ধে বুলিও কয় অসম শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চই৷
শিক্ষা বিভাগৰ ভুল নীতিৰ বাবে বহু শিক্ষকে হেৰুৱাব লগা হ'ল নিজৰ জীৱন-যৌৱন। বহু শিক্ষক হেৰাই গ'ল আৰু যাতে হেৰুৱাব নালাগে তাৰ বাবে শিক্ষাবিভাগক অতি শীঘ্ৰেই বিদ্যালয় প্ৰাদেশিকীকৰণ কৰিবলৈ দাবী জনাইছে ঐক্যমঞ্চই। চবেন বড়োই মৃত্যুৰ সময়ত পত্নী, এগৰাকী পুত্ৰ আৰু এগৰাকী জীয়ৰী আৰু আত্মীয় স্বজনক এৰি থৈ গৈছে। সন্তানক একো দি যাব নোৱাৰিলে চবেন বড়োৱে৷
বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত লেতেৰা ৰাজনীতি কৰি থকা শাসকীয় দলে দৰিদ্ৰ পৰিয়ালৰ বিপদৰ কথা খবৰ ৰাখে জানো৷ সৰু মানুহৰ কথাবোৰ কিমান গুৰুত্ব লাভ কৰে মন্ত্ৰী-বিধায়কৰ ওচৰত৷ ধৰ্মৰ নামত ৰাজনীতি কৰিব খোজা মন্ত্ৰী-বিধায়কে ৩০-৩৫ বছৰ শিক্ষকতা কৰা ভেন্সাৰ স্কুলৰ শিক্ষকক ন্যায় দিব নোখোজে৷
চৰকাৰে গুৰুত্ব দিলে হয়তো উজনিৰ নামনিৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা, দুৰ্গতি, আলৈ-বিলৈ কম হ’ল হেতেন৷ এতিয়া ৰাজ্য খনৰ ভেন্সাৰ স্কুলৰ শিক্ষকৰ দুখ-দুৰ্দশা কুলাই-পাচিয়ে নধৰা হৈছে৷ দিনৰ দিনটো শিক্ষাদানৰ নামত ব্যস্ত থাকি জীৱন যৌৱন সকলো শেষ কৰা হাজাৰ হাজাৰ শিক্ষকে এতিয়া হাহাকাৰ কৰিব লগা হৈছে৷
এসাজ ভাত, বস্ত্ৰ, সন্তানৰ পঢ়াৰ খৰছৰ বাবে আনৰ ঘৰত হাজিৰা নতুবা অইন কাম কৰিব লগা হৈছে৷ বহু শিক্ষাগুৰুৱে আনৰ গাড়ী চলাব লগা হৈছে, দিন হাজিৰা কৰিব লগা হৈছে৷ বহু শিক্ষকে পৰিয়াল পোহপাল দিব নোৱাৰি আত্মাহত্যা কৰিছে৷
বহু শিক্ষকে ৰোগত আক্ৰান্ত হৈ চিকিৎসা কৰিবৰ বাবে হাতত অৰ্থ নোহোৱাৰ বাবে বিনা বেতনে পৃথিৱীৰ পৰা মেলানি মাগিছে৷ ৰাজ্যৰ তদানীন্তন শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰম মিথ্যাচাৰৰ আশ্ৰয় লৈ ভেন্সাৰ শিক্ষানুষ্ঠানৰ হেজাৰ হেজাৰ শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ সৈতে হেতালি খেলিলে। বৰ্তমানৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই মন্ত্ৰিত্ব লাভ কৰি কেৱল সংবাদ মাধ্যমত চমক দি আহিছে৷ কিন্তু আজিলৈ ভেন্সাৰ স্কুলৰ শিক্ষকৰ কথা কবলৈ সময় পোৱা নাই৷
যোৱা বিধানসভা নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি অনুসৰি স্কুল প্ৰাদেশীকীৰণ কৰিব লাগিছিল যদিও অধিৱেশনত প্ৰাদেশিকীকৰণ সম্পৰ্কীয় কেইবাখনো সংশোধনী বিল উত্থাপন কৰা হ'ব বুলি কৈ অৱশেষত এখনো উত্থাপন নকৰি ভেন্সাৰ শিক্ষক-কৰ্মচাৰীক উপলুঙা কৰাই নহয় তেওঁলোকৰ জীৱনলৈও নমাই আনিছে অনিশ্চয়তা৷
হেজাৰ হেজাৰ ভেন্সাৰ শিক্ষকৰ পৰিয়াললৈ ঘোৰ অমানিশা নমাই অনা ৰাজ্যৰ প্ৰাক্তন বহুবল্কী শিক্ষামন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আজিও সৰৱ ৰাজ্যৰ অপ্ৰাদেশিকৃত শিক্ষক।
অপ্ৰাদেশিক শিক্ষকসকলৰ প্ৰতি কোনো ধৰণৰ কাণসাৰ নাই দিছপুৰীয়া মন্ত্ৰী-বিধায়কসকলৰ। যি সময়ত মন্ত্ৰী বিধায়কে নিজৰ দৰমহা বৃদ্ধি কৰি নিজৰ আৰ্থিক অৱস্থা টনকিয়াল কৰাৰ বাবে উঠিপৰি লাগিছে সেই সময়ত ভেন্সাৰ শিক্ষকক বছৰ বছৰজুৰি মানৱ সম্পদ গঢ় দিবলৈ কৰি অহা কষ্টৰ মাননী দিবলৈ শিক্ষামন্ত্ৰী, চৰকাৰৰ এলাৰ্জি উঠে।
নিজৰ ল’ৰা ছোৱালীক এযোৰ ভাল কাপোৰ দিব নোৱাৰা বা নিজ পিতৃ-মাতৃক অকণো সহায় কৰিব নোৱাৰা এটি অৱস্থালৈ ঠেলি লৈ গৈছে শিক্ষামন্ত্ৰী-চৰকাৰে। বাৰে বাৰে মিছা কথাকৈ শিক্ষকক প্ৰতাৰণা কৰি অহা চৰকাৰৰ পৰা সমাজে কি আদৰ্শ ল'ব বুলিও শিক্ষকে প্ৰশ্ন কৰি আহিছে।