ষ্টেডিয়াম নহয়, মুম্বাইৰ ৰাস্তাত ক্ৰিকেট খেলিলে ক্ৰিকেটৰ ভগৱানে

ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰৰ মুম্বাই প্ৰীতি বহুদিনীয়া। এই মুম্বাইৰ পৰাই ১৬ বছৰ বয়সত ক্ৰিকেট জগতত ভৰি দিছিল শচীনে। বিশ্বজুৰি সমাদৃত ক্ৰিকেটৰ ইতিহাসৰ জীৱন্ত কিংবদন্তি শচীনে মুম্বাইৰ ৰাজপথেৰে গৈ থাকোতে কেইজনমান ল’ৰাই ক্ৰিকেট খেলি থকা গাড়ীৰ পৰা নামি আহি অলপ সময়ৰ বাবে বেটিং কৰে।

মুম্বাইৰ ভিল্লে পাৰ্লে এলেকাৰ বুলি দাবী কৰা এই ভিডিঅটোত খেলি থকা ল’ৰাকইজন ওচৰৰে হোটেলৰ কৰ্মচাৰী বুলি চিনাকী দিয়ে শচীনৰ আগত। শচীনক ষ্টেডিয়ামত খেলা হয়তো সকলোৱে দেখিছে, কিন্তু এনেদৰে মুম্বাইৰ ৰাস্তাত খেলা

এই বিৰল দৃশ্য ছচিয়েল মিডিয়াত আপলোড হোৱাৰ পিছতে বনজুইৰ দৰে বিয়পি পৰে ভিডিঅটো। সম্প্ৰতি ফেচবুক, টুইটাৰকে ধৰি বিভিন্ন ছচিয়েল নেটৱৰ্কিং ছাইটত তোলপাৰ লগাইছে ভিডিঅটোৱে। হাজাৰ হাজাৰ গুণমুগ্ধক শচীনৰ এই সৰলতাই সন্মোহিত কৰিছে।