চাহ শ্ৰমিক দিৱস পালন, শ্ৰমিক স্বাধীনতা লাভ কৰা নাই

বিহালীঃ আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ দিৱসৰ দিনটোতে চাহ শ্ৰমিক দিৱস পালন কৰে বিশ্বনাথ জিলাৰ বৰগাঙত৷ অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিয়ে মানৱ অধিকাৰ দিৱসৰ দিনটোতে চাহ শ্ৰমিক অধিকাৰৰ বাবে চাহ শ্ৰমিক দিৱস পালন কৰে।

চাহ শ্ৰমিকৰ অধিকাৰ অসমত সৰ্ব হৈ অহাৰ অভিযোগ উত্থাপন কৰি চাহ শ্ৰমিক তথা একাংশ লোকে স্বাধীনতা লাভ কৰা নাই বুলি অভিযোগ কৰে একাংশ চাহ শ্ৰমিকে। পুঁজিপতিৰ বাবে এই স্বাধীনতা বুলিও কয় প্ৰতিবাদকাৰীসকলে৷ চৰকাৰে খিলঞ্জীয়া চাহ শ্ৰমিকসকলক বঞ্চিত কৰি মৌলিক অধিকাৰ সৰ্ব কৰি ভূমিপূত্ৰৰ ওপৰত চলোৱা উচ্ছেদ, স্বাধীন ভাৰতৰ ১৯৪৮ চনৰ শ্ৰমিক আইন উলংঘন কৰি বৰ্তমানত শ্ৰমিকসকলক ১৩৪ টকা মজুৰি দিয়াৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে বুলি কয়।

শ্ৰমিকৰ কোনো ধৰনৰ নুন্যতম আন্তঃগাঠনি নোহোৱাকৈ চৰকাৰখনে চাহ শ্ৰমিক সকলক অনলাইনত দৰমহা দিয়াৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰিছে আৰু এতিয়া চাহ শ্ৰমিকৰ ৰেচন বন্ধ কৰাৰ সিদ্ধান্ত সদৰী কৰিছে এনেদৰে মানৱ অধিকাৰ সৰ্ব কৰা বুলি অভিযোগ কৰা বুলি কয়।

নিৰক্ষৰ আৰু দৰিদ্ৰ লোকসকলৰ ওচৰত টকা কেতিয়াও খাদ্যৰ বিকল্প হ'ব নোৱাৰে আৰু এই বাবেই ১৯৬৫ চনৰন আইনৰ জৰিয়তে চাহ শ্ৰমিক সকলক খাদ্য সুৰক্ষা দিয়া হৈছিল আৰু পৰৱৰ্তীকালত উচ্চতম ন্যায়ালয়ে গাঁৱৰ দৰিদ্ৰ লোকৰ বাবেও এনে ধৰণৰ সুৰক্ষা প্ৰদান কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। অচ্ছে দিন আহিব বুলি আশা কৰিছিল যদিও এতিয়া চেচা পানী পৰা বুলি কয় শ্ৰমিকসকলে৷

মানৱাধিকাৰ দিৱসত অংশগ্ৰহন কৰে অসম সংগ্ৰামী চাহ-শ্ৰমিক সংঘৰ বিশ্বনাথ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু সম্পাদক কৃষ্ণ পাইক, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলাৰ আহ্বায়ক পৰিমল গোঁড়, জ্যোতিপ্ৰসাদ বৰা, বিকাশ চুব্বাৰ লগতে গণ্য-মান্য লোকসকল৷