
গোৰেশ্বৰঃ পথ দুৰ্ঘটনাত পতিত হৈ এগৰাকী শিক্ষকৰ মৃত্যু হোৱাৰ ঘটনাই বাক্সা জিলাৰ গোৰেশ্বৰত গভীৰ শোক ছাঁ পৰে৷ বাক্সা জিলাৰ আগশাৰীৰ নাৰীৰ শিক্ষানুষ্ঠান গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চাহাজুল কাজিৰ শুকুৰবাৰে পথ দুৰ্ঘটনাত মৃত্যু হয়। নিজৰ আই-১০ গাড়ীৰে গোৰেশ্বৰৰ টাউনৰ পৰা গৃহ অভিমুখে আহি থকা অৱস্থাত এডাল গছত খুন্দা মৰাৰ ফলত মৃক্যুক আকোৱালি লয় প্ৰধান শিক্ষকগৰাকীয়ে৷
জানিব পৰা মতে, শিক্ষয়িত্ৰী পত্নীক গোৰেশ্বৰ ৰেলষ্টেছনত থৈ ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এডাল গছত প্ৰচণ্ড জোৰেৰে খুন্দা মৰাৰ ফলত কিছু সময় পিছতে নিহত হয় প্ৰধান শিক্ষকৰগৰাকী। গোৰেশ্বৰ আৰক্ষী থানাৰ অন্তর্গত মুকুণ্ডপুৰ নিবাসী তথা গোৰেশ্বৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চাহজুল কাজিয়ে শুকুৰবাৰে পুৱাই নিজৰ AS-01-DF-6368 নম্বৰৰ আই-১০ খনেৰে পত্নীক ৰঙিয়ালৈ যাৰ বাবে গোৰেশ্বৰ ৰেল ষ্টেছনত থবলৈ যায়৷
পুৱা ৭ বজাত গোৰেশ্বৰ ৰেলষ্টেছনত আগবঢ়াই থৈ ঘৰলৈ ঘূৰি আহি থাকোতে গোৰেশ্বৰৰ ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সমীপৰ সৰুফুলচকী-ভোগপুৰৰ এডাল গছত খুন্দা মাৰে। স্থানীয় লোকে ততাতৈয়াকৈ প্ৰধান শিক্ষকগৰাকীক হস্পিতাললৈ নিয়ে। শিক্ষকগৰাকীয়ে চিকিৎসালয়লৈ নি থকা অৱস্থাত আদবাটতে মৃত্যু হয়। শিক্ষকগৰাকীৰ মৃত্যুৰ বাতৰিয়ে অঞ্চলটোত শোকৰ ছাঁ বিয়পি পৰে।
গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্র সন্থা, কস্তুৰী, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, গৰিয়া মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদে শিক্ষগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে। কাইলৈ শিক্ষকগৰাকীৰ বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হোৱাৰ কথা আছিল আৰু যোৱা কেইবাটাও দিন ধৰি তেও ব্যাপক ব্যস্ত হৈ আছিল৷