লুইতৰ পাৰৰে তুমি ডেকা লʼৰা...শ্বহীদ প্ৰণামো তোমাক...

গুৱাহাটীঃ শ্বহীদ প্ৰণামো তোমাক, শ্বহীদ প্ৰণামো তোমাক, লুইতৰ পাৰৰে তুমি ডেকা লʼৰা তুমিয়েতো বুকু পাতি দিলাঁ, ভাৰতীৰ নুমলী জীক বচাবলে তুমিয়েতো মৃত্যু বৰিলাঁ। হয়, তাহানিত ভূপেন হাজৰিকাই গীতৰ মাধ্যমেৰে অসমীয়া ডেকাক মৃত্যু বৰিলাঁ বুলি কৈ থৈ যোৱাৰ দৰে ভাৰতীৰ নুমলী জীক বচোৱাৰ সেৱা কৰিবলৈ গৈ শ্বহীদ হ’ল অসমীয়া ডেকা কামৰূপৰ আজাৰাৰ মাজিৰাগাঁৱৰ ভাস্কৰ কলিতা৷

উল্লেখ্য যে, ৪ মে'ৰ বিয়লি আলফা স্বাধীনেৰে আৰক্ষী-সেনাৰ সংঘৰ্ষত গুলীবিদ্ধ হৈ চিকিৎসালয়ত মৃত্যুক আকোৱালি লয় বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাই। জানিব পৰা মতে, দিনৰ প্ৰায় ১২ বজাত আলফাৰ দল এটা বৰডুমচাৰ কুজু পথাৰত প্ৰৱেশৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে৷ তাৰ পিছতে যুৱ আৰক্ষী বিষয়াগৰাকীয়ে চিআৰপিএফৰ দল সহ ঘেৰাও কৰে উক্তস্থান৷ 

আলফাৰ দলটোৰ সৈতে প্ৰথমে গুলীয়াগুলি লাগে আৰক্ষী-চিআৰপিএফৰ৷ পিছত সেনাই নেতৃত্ব লয় অভিযানৰ৷ তেনে সময়তে আলফাৰ দলে গ্ৰেনেড নিক্ষেপ কৰাৰ লগতে একেৰাহে গুলীচালনা কৰাত বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ দেহত কেইবাটাও গুলী লাগিছিল আৰু চিকিৎসালয়ত মৃত্যুক আকোৱালি লৈছিল৷ 

অসম সন্তান শ্বহীদ ভাস্কৰৰ মৃতদেহ শনিবাৰে কামৰূপ জিলাৰ আজাৰাৰ মাজিৰাগাঁৱলৈ লৈ আহে অসম আৰক্ষীয়ে৷ শ্বহীদ ভাস্কৰৰ মৃতদেহ গাঁও পোৱাৰ পিছতে এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ সকলোৰে চকু-লো বৈ আহে৷ হাজাৰ হাজাক লোক সমবেত হৈ শ্বহীদগৰাকীক শেষ শ্ৰদ্ধা যাচে৷ পুৱাৰে পৰা গাঁওখন মানুহৰে ভৰি পৰা পৰিলক্ষিত হৈছিল৷পুৱাৰে পৰা মাজিৰগাঁৱত আৱাল-বৃদ্ধ-বনিতাই কন্দা-কটা কৰা পৰিলক্ষিত হৈছিল। অৱশেষত গাড়ীত শ্বহীদৰ মৃতদেহ লৈ অহাত আই-মাতৃয়ে ইনাই বিনাই কান্দিছিল৷ ফুলৰ মালাৰে সু-সজ্জিত গাড়ীত ভাস্কৰৰ মৃতদেহ লৈ আহে৷ আৰক্ষীৰ গাড়ীৰ আহি পোৱাৰ পিছতে যেন কোনেও চকুলো ৰখাব পৰা নাছিল৷

ভাস্কৰৰ পৰিয়ালক সান্ত্বনা দিয়া লোকসকলেও ফেকুৰি উঠিছিল৷ আৰক্ষীৰ লোকে স-সন্মানেৰে কফিন চোতাললৈ অনাৰ পিছতে ঘৰখনত কান্দোনৰ ৰোলৰ বাবে একপ্ৰকাৰ হুলস্থূল লাগে। কান্দোনৰ বিননিয়ে অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়। যাক ভাষাৰে বুজাব নোৱাৰি৷ সকলোৰে অন্তিম দৰ্শনৰ অন্তত সম্পূৰ্ণ ৰাজ্যিক সন্মানেৰে শেষকৃত্য সম্পন্ন কৰা হয় আৰক্ষী বিষয়া ভাস্কৰক৷