
গুৱাহাটীঃ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ বিভাগৰ সঞ্চালক ড০ হৰেকৃষ্ণ চাহুৱে নিয়ম বহিৰ্ভূতভাৱে অধিক হাৰত দৰমহা লৈ বিগত তিনিটা বছৰত ৰাজকোষৰ প্ৰায় ৮.৫০ লাখ টকা হৰলুকি কৰা বুলি অভিযোগ উত্থাপিত হোৱা ঘটনাই বিশ্ববিদ্যালয়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত অভিযোগ অনুসৰি ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ পদ এৰি ২০১৪ চনতে ড° হৰেকৃষ্ণ চাহুৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ত যোগদান কৰিছিল।
নিয়মানুসৰি অধ্যক্ষ পদৰ সমানুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয়তো সম দৰমহা ড০ চাহুৱে দৰমহা লব লাগিছিল যদিও বিগত তিনি বছৰ ধৰি ড০ চাহুৱে অধিক হাৰত দৰমহা লৈ আহিছে। ড০ চাহুৱে ৰঙাপাৰা মহাবিদ্যালয়ত তেওঁৰ অন্তিম সৰ্বমুঠ দৰমহা ১৩৬৯৬০ টকা লোৱা বুলি বড়োলেণ্ড বিশ্ববিদ্যালয় এক পত্ৰ যোগে (চিঠি নং- RC/CP-4/BNK-69/2014/321) অৱগত কৰিছিল আৰু বিশ্ববিদ্যালয় কৰ্তৃপক্ষও কোনো ধৰণৰ তদন্ত নকৰাকৈ নিযুক্তিপ্ৰাপ্ত ড০ চাহুক যোগদান কৰা দিনৰে পৰা সমহাৰত দৰমহা দিয়া আৰম্ভ কৰে।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেইবাজনো জ্যেষ্ঠ অধ্যাপকতকৈ ড০ চাহুৱে অধিক হাৰত দৰমহা লোৱা বিষয়টো বেছ চৰ্চাৰ বিষয় হৈ থকাৰ সময়তে অলপতে এক আৰটিআই পত্ৰই বিশ্ববিদ্যালয়ত খলকনিৰ সৃষ্টি কৰিছে। জনৈক দাস নামৰ এগৰাকী ব্যাক্তিয়ে ড০ হৰেকৃষ্ণ চাহুয়ে ৰঙাপাৰা মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মৰত হৈ থকাৰ সময়ত প্ৰকৃততে কিমান দৰমহা লাভ কৰিছিল সেই বিষয়ে আৰটিআই যোগে জানিব বিচৰাত ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষই দিয়া আৰটিআইৰ উত্তৰে সকলোৰে চকু কপালত তুলিছে।
ৰঙাপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষই আৰটিআইৰ উত্তৰ চিঠি নং-RC/GT-57/RTI ACT 2005/2017/283 মৰ্মে ড০ হৰেকৃষ্ণ চাহুৱে সেইসময়ত সৰ্বমুঠ ১২৪২৪০ টকা দৰমহা হিচাপে লাভ কৰিছিল। ড০ চাহুৱে ৰঙাপাৰা মহাবিদ্যালয়ৰ দৰমহা সম্বলিত যি তথ্য নিযুক্তিৰ সময়ত দাখিল কৰিছিল তাৰ সতে ড০ চাহুৰ প্ৰকৃত দৰমহাৰ পাৰ্থক্য ১২৭২০ টকা বেছি আৰু সেয়া ড০ চাহুৱে নিযুক্তিকালৰে পৰা মাহে প্ৰতি ১২৭২০ টকাকৈ অতিৰিক্ত দৰমহা আদায় লৈ আছে।
সেই হিচাপত ড০ চাহুৱে বৰ্তমানলৈকে ৮ লাখ ৫০ হাজাৰতকৈ অধিক টকা দৰমহাৰ নামত অতিৰিক্ত ভাৱে বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা আদায় লৈছে যদিও অজ্ঞাতকাৰণত ড০ চাহুৰ বিৰুদ্ধে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই। সম্প্ৰতি বড়োলেণ্ড বিশ্ববিদ্যালয় চৌহদত উক্ত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে আৰু ড০ চাহুৰ দৰমহা সংক্ৰান্তীয় খেলিমেলি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ দ্বাৰা তদন্ত কৰিবলৈ একাংশ শিক্ষাবিদে দাবী উত্থাপন কৰিছে।