
কামপুৰঃ দুখীয়াৰ পেটৰ ভাত বিক্ৰি হৈছে ক’লা বজাৰত৷ এফালে দৰিদ্ৰই ভোকৰ এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হৈ থকাৰ মাজতে আনফালে এচাম দুস্কৃতিকাৰীয়ে সমবায়ৰ চাউল গোপনে বিক্ৰি কৰি চলাই আছে ৰমৰমীয়া বেহা৷
দুখীয়া ৰাইজৰ বাবে চৰকাৰে খাদ্য সুৰক্ষা আঁচনিৰ জৰিয়তে যোগান ধৰা চাউল ক'লা বজাৰত বিক্ৰী কৰাৰ ঘটনা নগাঁও জিলাত পোহৰলৈ আহিছে৷ নগাঁও কঠিয়াতলী লাচিত নগৰত নিশা আৰক্ষীৰ অভিযান চলাই বিকাশ সাহা নামৰ এজন লোকৰ বাসগৃহৰ পৰা ৮৫ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয়।
জব্দ কৰা চাউল খিনি খাদ্য সুৰক্ষা আঁচনিৰ চাউল বুলি চিনাক্ত কৰা হৈছে। দুখীয়া ৰাইজৰ বাবে অহা চাউল ক'লা বজাৰত বিক্ৰী কৰি আহিছিল লোকজনে। কিন্তু চাউল সমূহ কোন সমবায় সমিতি অথবা সুলভ মূল্যৰ দোকানৰ পৰা আনিছিল এই পৰ্যন্ত জানিব পৰা নাই। যোগান বিভাগৰ লোকৰ লগতে আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব সমগ্র ঘটনা।