
ডিজিটেল ডেস্কঃ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানে ৰাজস্থানৰ জোধপুৰ কেন্দ্ৰীয় কাৰাগাৰত এটা নিশা কটালে৷ বলিউডৰ চুপাৰষ্টাৰ ছলমান খানৰ অধিবক্তাই শুকুৰবাৰে পুৱা ১০ বজাত জোধপুৰ চেচন আদালতত জামিন আৱেদন কৰিব৷
#TopStory: Jodhpur Sessions Court to hear bail application matter of #SalmanKhan in #BlackBuckPoachingCase (file pic) pic.twitter.com/0KpLQOUZU7
— ANI (@ANI) April 6, 2018
ছলমান খানৰ অধিবক্তাই পুৱাই আদালতত হাজিৰ হয়৷ ১০.৩০ আদালতত ছলমানৰ জামিনৰ শুনানি হ’ব বুলি জানিব পৰা গৈছে৷ আইন পৰামৰ্শদাতাৰ মতে, ছলমান খানে জামিন লাভ কৰাৰ সম্ভৱনা আছে৷
০৫ মাৰ্চত জোধপুৰ আদালতে ২০ বছৰ পুৰণি কৃষ্ণ মৃগ হত্যা গোচৰত ছলমান খানৰ শাস্তি ঘোষণা কৰে৷ জোধপুৰ আদালতে ৫ বছৰৰ কাৰাবাস ঘোষণা কৰে কৃষ্ণ মৃগ হত্যা গোচৰৰ দোষী ছলমানক৷
জোধপুৰ জেলত ১০৬ নং কয়দী হিচাপে পৰিচিত হয় ছলমান খান৷ আনহাতে জেলৰ ২ নং ৱাৰ্ডত থাকিব ছলমান থানে৷ যিটো ৱাৰ্ডত কেইবাগৰাকী প্ৰভাৱশালী লোক কাৰাবাস খাটি আছে৷
বৃহস্পতিবাৰে জোধপুৰ আদালতে শাস্তিৰ ৰায় দিয়ে৷ একেটা দিনতে পুৱা ১১.৫০ বজাত আদালতে দোষী সাব্যস্ত কৰিছিল ছলমান খানক৷ ছলমান খানক ৫বছৰৰ কাৰাবাসৰ ৰায় ঘোষণা কৰাৰ লগতে ১০ হাজাৰ জৰিমণা বিহে ছলনামক৷