হিন্দু বাংলাদেশীক সংস্থাপন, বিজেপি-অগপ-বিপিএফৰ পাভলুটিৰ বিৰুদ্ধে ডিব্ৰুগড়ত সমাৱেশ

ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় দল বিজেপি আঞ্চলিক দল অগপ আৰু বিপিএফে বিধান সভা নিৰ্বাচনৰ পূৰ্বে কৈছিল বৰ বৰ কথা৷ কিন্তু নিৰ্বাচন পাৰ হোৱাৰ পিছত কলে আন এটা কথা৷ বাংলাদেশী খেদাৰ হুংকাৰ দি থলুৱাৰ ভোট লৈ গাদী দখল কৰাৰ পিছত পাভলুটি মাৰিছে আঞ্চলিক দল অগপকে ধৰি চৰকাৰত থকা দল সমূহে৷ এতিয়া বাংলাদেশী আনিবৰ বাবে উঠিপৰি লাগিছে অসমৰ আৱেগৰ সৈতে খেলা কৰা দল কেইটাই৷

এই বিড়ম্বনা অসমীয়াৰ আজিৰ নহয়৷ দেশ স্বাধীন হোৱাৰ পৰাই এই বিড়ম্বনাৰ মাজেৰে জীয়াই আছে অসমীয়া জাতি৷ দিল্লী দিছপুৰৰ প্ৰতি খন চৰকাৰে অসমক স্বাধীনতাৰ পিছৰে ৰামঠগন দি আহিছে৷ এইবাৰো জাতি, মাটি, ভেটিৰ কথা কৈ চৰকাৰ গঠন কৰা বিজেপি, অগপ, বিপিএফ দলে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংশোধন কৰি বাংলাদেশৰ পৰা হিন্দু নাগৰিক আনি অসমত বহুৱাব খুজিছে৷

যোৱ দুটা বছৰ কেন্দ্ৰ চৰকাৰ খনৰ বিৰুদ্ধে অসমৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে বিজেপি দলে অসমৰ ৰাইজৰ গণ সংগ্ৰামক সন্মান নিদিয়াত ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ ৰাইজ৷ আকৌ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ-ৰাজ্য চৰকাৰে চৰকাৰৰ বিৰুদ্ধে পুনৰাই সৰৱ হৈছে অসমৰ ৰাইজ৷ চৰকাৰে হিন্দু বাংলাদেশীক ভাৰতীয় নাগৰিকত্ব দি অসমত সংস্থাপিত কৰাৰ অপচেষ্টাৰ বিৰুদ্ধে পুনৰ দল-সংগঠন সৰৱ হৈ উঠিছে৷

বাংলাদেশী বিতাড়ন বিষয়টোৱে ৰাজ্যৰ ৰাজনীতি বছৰ বছৰ ধৰি উত্তাল কৰি ৰাখিছে৷ ১৯৭১ চনৰ পৰাই ৰাজ্য উত্তাল হৈ আছে অবৈধ বাংলাদেশী বিতাড়ণৰ দাবীত৷ কেইবাটাও জাতীয় দল-সংগঠনে কেবাটাও দশক ৰাজ পথ উত্তাল কৰি ৰাখিছে৷ তাৰ মাজতে অসম আন্দোলনত নামি পৰিছিল ৰাজ্যৰ যুৱক-যুৱতী৷ ছয় বছৰীয়া আন্দোলনৰ সময়ত ৮৫৫ গৰাকী অসমৰ তেজাল যুৱকে সেনা-আৰক্ষীৰ গুলীত অকালতে প্ৰাণ আহুতি দিছিল৷

বহু যুৱক আৰক্ষী-চিআৰপিএফৰ টাঙোন-বন্দুকৰ নলীৰ খুন্দাত চিৰ দিনৰ বাৰে ঘূণীয়া হৈছিল৷ বছৰ বছৰ ধৰি প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনৰ পূৰ্বে বিদেশী বহিষ্কাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দি বাৰে বাৰে প্ৰৱঞ্চনা কৰি আহিছে৷ প্ৰতিটো ৰাজনৈতিক দলে অসমৰ ৰাইজক ৰামঠগন দি আহিছে৷ বিজেপিৰ দখলত থকা কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে নতুনকৈ বাংলাদেশৰ পৰা লাখ লাখ হিন্দু বাংলাদেশী আনি সংস্থাপন কৰিব বিচৰাত পুনৰ ৰাজ্যবাসীয়ে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে৷

আকৌ ৰাজ পথলৈ ওলাই আহিব লগা হৈছে অসমৰ দুৰ্ভগীয়া ৰাইজ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰাৰ লগতে কোনো কাৰণতে হিন্দু বাংলাদেশীক অসমক সংস্থাপন কৰিব নিদিয়াৰ হুংকাৰ দি গুৱাহাটীত গঠন হয় ‘নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ’৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অনুৰূপ মঞ্চ গঠন কৰি প্ৰবল পৰ্তিবাদ কৰিব হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে৷ অসমত হিন্দু বাংলাদেশীক সংস্থাপন কৰাৰ ষড়যন্ত্ৰৰ বিৰুদ্ধে ডিব্ৰুগড়ত অহা ২১ জানুৱাৰীত অনুষ্ঠিত হ'ব বৃহৎ গণ অভিৱৰ্তন।

বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত শুকুৰবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি গণ অভিবর্তনৰ মুখ্য আহ্বায়ক তথা ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে জানিবলৈ দিয়ে। নাগৰিকত্ব আইন ১৯৫৫ সংশোধন কৰিবলৈ সংসদত যি নাগৰিকত্ব আইন সংশোধনী বিধেয়ক ১৭২/১৬ উত্থাপন কৰাৰ যো-জা চলি থকাৰ সমান্তৰালকৈ অসমৰ প্ৰতিবেশী ৰাষ্ট্ৰ বাংলাদেশৰ পৰা হিন্দু বাংলাদেশী সকল অসমলৈ আহিবলৈ বিচাৰিব বুলি সংবাদমেলত উল্লেখ কৰি বিষয়টো সন্দৰ্ভত চিন্তা জাহিৰ কৰে জ্যেষ্ঠ সাংবাদিসকগৰাকীয়ে৷

ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগে আৰু কয় ‘‘হিন্দু বাংলাদেশীৰ বাবে অসমৰ ভৌগোলিক পৰিৱেশ, জীৱন ধাৰণৰ প্ৰণালী আমাৰ সৈতে মিল আছে আৰু সমাজ জীৱনৰ লগত বিলীন হৈ যাবলৈ ইয়াত পৰ্যাপ্ত সুবিধা আছে। আনহাতে পশ্চিমবংগ আৰু ত্ৰিপুৰাই কোনো বিদেশী নাগৰিকৰ বোজা গ্ৰহণ কৰিব নোৱাৰে বুলি কেন্দ্ৰক স্পষ্টকৈ জনাই দিছে। হিন্দু বাংলাদেশী অসমত সংস্থাপিক হ’লে অসমৰ ভাষা-সাহিত্য-সংস্কৃতি, জাতি-মাটি-ভেটি, অৰ্থনীতি পৰ্যাপ্ত বিপদাপন্ন হ’ব, অসমত অসমীয়া সংখ্যালঘুত পৰিণত হ’ব’’। ইয়াৰ বিৰুদ্বে জনমত গঠন কৰি ৰাজ্যজুৰি গণ প্ৰতিবাদ গ্ৰহণ কৰাৰ প্ৰস্তুতি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চলিছে বুলি জানিবলৈ দিয়ে।

তাৰে ফলশ্ৰুতিত গুৱাহাটীত অলপতে 'নাগৰিকত্ব আইন বিৰোধী মঞ্চ' গঠনৰ উদ্দেশ্যে অহা ২১ জানুৱাৰীত দিনৰ ১১ বজাত ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষগৃহত এখন গণ অভিবর্তনৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে নেওগে। ইপিনে এই অভিবৰ্তনৰ বাবে ইতিমধ্যে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দল-সংগঠনৰ প্ৰতিনিধি নেতৃবৃন্দৰ তথা স্থানীয় ব্যক্তিৰে এখন শক্তিশালী আহ্বায়ক সমিতি গঠন কৰা হৈছে।

আনহাতে এই অভিৱৰ্তনত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া, উদয়াদিত্য ভৰালী, বিশিষ্ট সাংবাদিক অজিত কুমাৰ ভূ়ঞা, মনজিৎ মহন্ত, বিশিষ্ট বুদ্ধিজীৱী হলিৰাম তেৰাং, গুৱাহাটীত গঠিত "নাগৰিকত্ব আইন সংশোধনী বিৰোধী মঞ্চ"ৰ নেতৃবৃন্দ উপস্থিত থাকিব। সংবাদমেলত উপস্থিত থাকে অভিবৰ্তনৰ মুখ্য আহ্বায়ক শৰৎ চন্দ্ৰ নেওগ, দীপক শইকীয়া, উত্তম চেতিয়া, ৰাতুল গগৈ, প্ৰদীপ হালৈয়ে।