
চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ বুধবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী সমাৰোহ৷ সোণালী জয়ন্তী সমাৰোহৰ বুধবাৰে প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি পুৱা ৮.৩০ বজাত মহাবিদ্যালয় আৰু সোণালী জয়ন্তীৰ উদযাপন সমিতিৰ পতাকা উত্তোলন কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়া আৰু মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰে৷
সোণালী জয়ন্তী উপলক্ষে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰতিনিধি তথা বিশিষ্ট লোকৰ দ্বাৰা ৫০খন পতাকা উত্তোলন কৰা হয়৷ মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি শৰৎ চন্দ্ৰ খাউণ্ডে শ্বহীদ তৰ্পন কৰে৷ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীয়ে গোৱালপাৰাৰ বিশিষ্ট "চাৰু-কাৰু কলা শিল্পী" শিৱনাথ বাৰাইৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰায় ৯ ফুট উচ্চতাৰ পূৰ্ণাৱয়ব মূৰ্ত্তি উন্মোচন কৰে অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী তথা মহাবিদ্যালয়ৰ বৰ্তমানৰ অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱাই৷
প্ৰতিমূৰ্তি উন্মোচন কৰি পুৰণিগুদামৰ এটা সুকীয়া পৰিচয় আছে বুলি কয়৷ লোকসংস্কৃতিৰ সাধক বিৰিঞ্চি কুমাৰ বৰুৱাৰো এটা সুকীয়া পৰিচয় আছে৷ বিৰিঞ্চি বৰুৱাৰ সাহিত্যৰ জগতখন বহল আছিল৷ অধ্যাপক বৰুৱাই বিৰিঞ্চি কুমাৰ বৰুৱাৰ জীৱন-কৃৰ্তীৰ এক মনোজ্ঞ ভাষণ প্ৰদান কৰে৷ ইয়াৰ পাছতেই বিশাল বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাই পুৰণিগুদামৰ আকাশ-বতাহ মুখৰিত কৰি তোলে৷ বিভিন্ন জাতি-জনগোষ্ঠীৰ কলা-সংস্কৃতিৰ সম্বনয়ৰে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উদ্ধোধন কৰে নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপ্যাধায়ে৷
পুৰণিগুদামৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাই বৃহত্তৰ পুৰণিগুদামত এক নতুন মাত্ৰা প্ৰদান কৰে৷ বিয়লি এক বজাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকীয়ে সোণালী জয়ন্তী উপলক্ষে মহাবিদ্যালয়ৰ চৌহদত আয়োজন কৰা গ্ৰন্থমেলা আৰু প্ৰৰ্দশনীৰ দ্বাৰ উন্মোচন কৰে৷ প্ৰাক্তন অধ্যক্ষ প্ৰয়াত প্ৰনৱ কুমাৰ বৰা সোঁৱৰণী মঞ্চত অনুষ্ঠিত হয় এক মনোজ্ঞ অন্তৰংগ আলাপ অনুষ্ঠান৷
শিক্ষাবিদ পুলিন হাজৰিকা আৰু জ্যেষ্ঠ সাংবাদিক কুলপ্ৰদীপ দাসে আতঁ ধৰা অন্তৰংগ আলাপ অনুষ্ঠানত বিশিষ্ট লেখক উপেন্দ্ৰ বৰকটকী, বিশিষ্ট শিক্ষাবিদ শৰৎ চন্দ্ৰ খাউণ্ড, বিশিষ্ট সাহিত্যিক ফনীন্দ্ৰ নাথ গায়ন, মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন শইকীয়া, পৰিচালনা সমিতিৰ সভাপতি হিতেশ্বৰ লস্কৰ, প্ৰাক্তন অধ্যাপিকা লক্ষিমী কাকতি, মামনি বৰা আৰু অধ্যাপক বিপুল চক্ৰৱৰ্তী প্ৰমুখ্যে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকা, সাংবাদিক, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ লগতে পুৰণিগুদামৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, বিশিষ্ট ব্যক্তিয়ে মহাবিদ্যালয় খনৰ সৈতে সাঙুৰ খাই থকা স্মৃতি ৰোমন্থন কৰে৷
সন্ধ্যা বন্তি প্ৰজ্বলনৰ পাছতে মহাবিদ্যালয়ৰ অধ্যয়নত ছাত্ৰ-ছাত্ৰীসকলে বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানেৰে জীপাল কৰি তোলে মহাবিদ্যালয়ৰ পৰিৱেশ৷ বিশিষ্ট চলচ্চিত্ৰ অভিনেতা গুণ মহন্তই সাংস্কৃতিক সন্ধিয়া উদ্ধোধন কৰে৷ বৃহস্পতিবাৰে অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী৷ পুৱা ১০বজাত অনুষ্ঠিত হ’ব জনপ্ৰিয় বক্তৃতা আৰু গ্ৰন্থ উন্মোচন অনুষ্ঠান৷ উদ্ধোধন কৰিব প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই৷ সাহিত্য একাডেমী বটাঁ প্ৰাপক গল্পকাৰ ড০ কুল শইকীয়াই মুখ্য বক্তা হিচাপে উপস্থিত থাকিব৷
অনুষ্ঠানতে লোক-সংস্কৃতিৰ গৱেষক মুৰুলীধৰ দাসক প্ৰদান কৰিব "ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বটাঁ"৷ বিয়লি এক বজাত অনুষ্ঠিত হ'বলগীয়া সম্বর্ধনা সভা উদ্ধোধন কৰিব মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাৰ্চায ড০ কন্দৰ্প কুমাৰ ডেকাই৷ নিশা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা অনুষ্ঠিত হ'ব এটি বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠান৷ পুৰণিগুদামৰ উচ্চ শিক্ষাৰ একমাত্ৰ প্ৰাণকেন্দ্ৰ স্বৰূপ পুৰণিগুদাম ড০ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সমাৰোহে পুৰণিগুদাম অঞ্চলত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে কাষৰীয়া অঞ্চল সমূহতো ইয়াৰ প্ৰভাৱ পৰা পৰা পৰিলক্ষিত হৈছে৷