পুৰণিগুদামত কৃষি প্ৰদৰ্শনী উদ্ধোধন, "মৃত্তিকা" উন্মোচন

চামগুৰিঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে কৃষি প্ৰদৰ্শনী উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়৷ পুৰণিগুদাম বাপুজী ভৱন আৰু পুথিভঁৰালৰ খেলপথাৰত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাটৰ চতুৰ্থ বৰ্ষৰ ষান্মাষিকৰ ছাত্ৰ-ছাত্ৰীৰ দলৰ গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনিৰ অধীনত কৃষি প্ৰদৰ্শনী উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ চিলঙনীৰ আঞ্চলিক কৃষি গৱেষনা কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাৰ পূৰ্বে অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি স্নাতক পাঠ্যক্ৰমৰ চতুৰ্থ বৰ্ষৰ ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীসকলে এটি সমবেত সংগীত পৰিৱেশন কৰে৷

কৃষি বিজ্ঞানী ড' তুলসী প্ৰসাদ শইকীয়াই আদৰণি ভাষন প্ৰদান কৰা অনুষ্ঠানত নগাঁও জিলাৰ উপায়ুক্ত ছমছেৰ সিং মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষন প্ৰসংগত কয়,কৃষি আমি এৰাই চলিব নোৱাৰো৷কৃষিত আমি গুৰুত্ব দিবই লাগিব৷কৃষক সকলক বাদ দি যদি কাম কৰিবলৈ বিচাৰো তেন্তে কম সংখ্যক ৰাইজৰহে উন্নতি হব৷বহুক্ষেত্ৰত কৃষক সকলক হতাশ হোৱা দেখা যায়৷আধুনিক মন লৈ কৃষিকাৰ্যত ব্ৰতী হ'বলৈ উপায়ুক্তগৰাকীয়ে কৃষকসকলক আহ্বান জনায়৷ভাষন প্ৰসংগত উপায়ুক্ত গৰাকীয়ে আৰু কয়,নগাঁও জিলা কৃষি প্ৰধান জিলা,উদ্যোগৰ ক্ষেত্ৰত জিলাখন পিছপৰি আছে৷কৃষিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি উল্লেখ কৰি নগাঁও জিলাখনক কৃষিৰ ক্ষেত্ৰত আগুৱাই নি অসমৰ ভিতৰত জাকতজিলিকা কৰিবলৈ ৰাইজক আহ্বান জনায়৷

উক্ত সভাত উপস্থিত থাকি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক দেৱৰাজ উপাধ্যায়ে ভাষন প্ৰসংগত কয়,অসম কৃষি প্ৰধান ৰাজ্য যদিও বৰ্তমান বৰ্তমান কৃষকসকলৰ বিভিন্ন সমস্যা৷বৰ্তমান গাঁৱত কৃষি কৰিবলৈ মানুহ নাই সকলো ৰাজ্যৰ বাহিৰলৈ গুছি গৈছে৷আমাৰ ছাত্ৰ- ছাত্ৰীসকলৰ মাজত এটা আদৰ্শ হ'ব লাগে৷স্বাৱলম্বীতাৰে আমাৰ দেশত এটা জাগৰণ আনিব লাগে৷সভাত জিলা কৃষি বিষয়া দেবেশ্বৰ পাংগিং,দিপ্তী কুমাৰ বৰা,কৈলাশ তালুকদাৰৰ লগতে কৃষক ভাৰত বৈৰাগী,মৃদুল শইকীয়া লক্ষীৰাম ভূঞাই ভাষন প্ৰদান কৰে৷সভাত কৃষি প্ৰদৰ্শনীৰ লগত সংগতি ৰাখি গৌৰাংগ চেতিয়াই সম্পাদনা কৰা কৃষিভিত্তিত আলোচনী মৃত্তিকা উন্মোচন কৰে জিলা উপায়ুক্ত ছমছেৰ সিঙে৷বৃহত্তৰ পুৰণিগুদাম অঞ্চলৰ কে'বাশতাধিক কৃষক ৰাইজ উপস্থিত থকা সভাৰ পূৰ্বে জিলা উপায়ুক্ত ছমছেৰ সিঙে কৃষি প্ৰদৰ্শনী উদ্ধোধনী অনুষ্ঠানৰ ফিটা কাটি শুভ উদ্ধোধন কৰে৷