সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক স্মৰণ কৰিব পদুমণিবাসীয়ে

চামগুৰিঃ চামগুৰিৰ জ্যেষ্ঠ নাগৰিক সন্মিলনী, পদ্মজ্যোতি আঞ্চলিক চৰা আৰু পুথিভঁৰাল আৰু অভিনৱ সাংস্কৃতিক সমন্বয় সমাজৰ উদ্যোগত অহা পাঁচ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ স্মাৰক অনুষ্ঠানৰ অনুষ্ঠিত হ'ব৷

চামগুৰিৰ নিকটৱৰ্তী পদুমণি পূজা মণ্ডপত আয়োজন অনুষ্ঠিত হ’বলগীয়া সুধাকণ্ঠৰ স্মাৰক অনুষ্ঠান পুৱা আঠ বজাত সুধাকণ্ঠৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ হ'ব৷ পুৱা ৮.৩০ বজাত নাম প্ৰসংগ, ১০.৩০ বজাত প্ৰাক-প্ৰাথমিকৰ পৰা দশম শ্ৰেণীলৈ সুকুমাৰ কলা প্ৰতিযোগীতা, ১১.৩০ বজাত ড০ ভূপেন হাজৰিকাৰ গীতৰ আধাৰত নৃত্য আৰু গীত প্ৰদৰ্শন, বিয়লি এক বজাত সুধাকণ্ঠৰ স্মৃতিচাৰণ উপলক্ষে মুকলি সভা আৰু গীতৰ অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে৷