চামগুৰিৰ টেম্প চালক নিৰুদ্দেশ

বঢ়মপুৰঃ নগাঁও জিলাৰ চামগুৰিৰ ভগামুৰৰ নিকিৰ হুছেইন নামৰ টেম্প চালকজন ১৯ ডিচেম্বৰৰ নিৰুদ্দেশ হৈ আছে বুলি জানিব পৰা গৈছে৷ বৰমা বজাৰৰ পৰা নগাঁও চহৰলৈ যাত্ৰী কঢ়িয়াই নিয়াৰ পিছৰে পৰা নিৰুদ্দেশ হয় যুৱকজন৷

যুৱকজনক অজ্ঞাত লোকে অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে। যুৱকজনৰ টেম্পখন পুৰণিগুদামৰ এটা পেট্ৰল পাম্পৰ সমীপত পৰিত্যক্ত অৱস্থাত উদ্ধাৰ হয়৷ পুৰণিগুদাম আৰক্ষী চকীত নিৰুদ্দেশ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে পৰিয়ালে৷