
লংকাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক এক বিন্দুওঁ মানি নলওঁ৷ এই খন জাতিধ্বংসী বিধেয়ক৷ খিলঞ্জীয়া মানুহৰ স্বাৰ্থ জলাঞ্জলি দিয়া বিধায়ক৷ কোনো কাৰণত এই বিধায়ক আমি নলও৷ এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচাৰ্যৰ৷ শুকুৰবাৰে হোজাই জিলাৰ শংকৰদেৱ নগৰস্থিত উপায়ুক্তৰ সৈতে এনআৰচি সন্দৰ্ভত আলোচনা কৰিবলৈ গৈ সাংবাদিকৰ সৈতে মুখামুখি হৈ এই মন্তব্য প্ৰকাশ কৰে আছুৰ উপদেষ্টাগৰাকীয়ে।
এনআৰচি যাতে কোনো বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় সেই বিষয়ে হোজাইৰ উপায়ুক্তৰ সৈতে আলোচনাত মিলিত হয় আছুৰ উপদেষ্টাগৰাকীয়ে। আলোচনাৰ পিছত সাংবাদিকৰ সৈতে মুখামুখি হৈ ভট্টাচাৰ্যই আছুৰ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মত স্পষ্ট কৰি কোনো পধ্যেই অবৈধ বাংলাদেশীক অসমত স্থান দিয়া নহব বুলি কয়।
সাংসদ আৰ পি শৰ্মাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে ভট্টাচাৰ্যই অসম খন ডাষ্টবিন নহয় বুলি কয়৷ অসমৰ মানুহে অসম আন্দোলনৰ ৬ বছৰ আৰু আন্দোলনৰ পিছৰ ৩২ বছৰ, অসমৰ মানুহে ৩৮ বছৰে সংগ্ৰাম কৰি আছে৷ বিদেশী সমস্যাৰ গভীৰতী বাঢ়ি গৈছে বুলি কয়৷ ইপিনে নাগৰিকত্ব সংশোধনী বিধেয়েকক জাতিদ্ৰোহী আখ্যা দি কেন্দ্ৰীয় চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে ভট্টাচাৰ্যই।