
newsnextone.com। বঢ়হমপুৰঃ নগাঁৱৰ চামগুৰি আৰক্ষীৰ জালত পৰিল এটা বৃহৎ গাড়ী চুৰি চক্ৰ। চামগুৰি আৰক্ষীয়ে গোপন সুত্ৰৰ পম খেদি চামগুৰি সমীপৱৰ্তী মিছাত অভিযান চলাই দুটাকৈ কুখ্যাৎ গাড়ী চোৰক গ্ৰেপ্তাৰ কৰে।
চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ধৃত চোৰ দুটা নাছিৰ আলী আৰু জিয়াবুৰ ৰহমান বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে আটকাধীন চোৰ দুটাৰ পৰা বহু আপত্তিজনক সামগ্ৰীও উদ্ধাৰ কৰিছে।
উল্লেখ্য যে ধৃত চোৰ দুটাই নগাঁৱকে ধৰি বিভিন্ন প্ৰান্তত সংঘটিত হোৱা গাড়ী তথা বাইক চোৰৰ সৈতে জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। আনহাতে ধৃত চোৰ দুটাৰ ওপৰত পূৰ্বেও নাৰীজনিত গোচৰ ৰুজু হৈ আছে। ইতিমধ্যে গাড়ী চুৰি চক্ৰটোৰ ওপৰত চামগুৰি আৰক্ষীয়ে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে।