
বঢ়মপুৰঃ নগাঁও জিলাৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামত স্বেচ্ছাসেৱী অনুষ্ঠান কুবেৰ অবিনশ্বৰৰ উদ্যোগত আৰু অবিনশ্বৰ গোষ্ঠীৰ সহোগত দেওবাৰে সুধাকন্ঠ ড০ ভূপেন হাজৰিকাৰ স্মৃতি দিৱস পালন কৰা হয়৷
অনুষ্ঠানত ড০ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি বহু লোকে শ্ৰদ্ধাঞ্জলি যাচে৷ অবিনশ্বৰ গোষ্ঠীৰ কলা কুশলী সকলৰ দ্বাৰা বৰগীত, লোকগীত, ভজন, নৃত্য গীত আদি পৰিবেশনেৰে জীপাল কৰি তোলে স্থানীয় ড০ ভৱেন্দ্ৰ নাথ শইকীয়া প্ৰেক্ষাগৃহ।
অনুষ্ঠানত যশস্বী অভিনেতা, নাট পৰিচালক, সু সংগঠক, সমাজ কৰ্মী সমুদ্ৰ বৰদলৈক কুবেৰ অবিনশ্বৰ বঁটা প্ৰদান কৰা হয়। এখন মান পত্ৰ, এটা স্মাৰক আৰু নগদ ১০,০০০ হাজাৰ টকা সহ এই বঁটাত কৰে অবিনশ্বৰে৷