
কোকৰাঝাৰঃ এনআৰচিৰ কামৰ সৈতে জৰিত বিষয়া-কৰ্মীসকলে অতি কষ্টৰে নিয়াৰিকৈ সততাৰে কাম কৰি গৈছে৷ তেওঁলোকে দিনে নিশাই কাম কৰি আছে৷ তেওঁলোকক মনোবল বৃদ্ধি তথা সাহস দিবলৈ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীৰ খবৰ লোৱাৰ লগতে এনআৰচিত যাতে কোনো কাৰণত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে আহ্বান জনাই আহিছে৷
বৃহস্পতিবাৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, এবছুৰ সভাপতি প্ৰমোদ বড়ো আৰু গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকাৰী সভাপতি নুৰুল হক কোকৰাঝাৰত উপস্থিত হয়৷৷ এনআৰচিৰ খছৰা প্ৰকাশৰ তালিকাৰ দিন চমু চাপি অহাৰ সময়তে তিনিওটা সংগঠনৰ যৌথ প্ৰতিনিধি দলে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত নিৰঞ্জন বৰুৱাক সাক্ষাৎ কৰি এনআৰচিৰ অগ্ৰগতিৰ বুজ লয়।
যৌথ প্ৰতিনিধিৰ দলটোৱে শুদ্ধ এনআৰচি প্ৰস্তুতকৰণত দিনে নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰীসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰি বিষয়া-কৰ্মচাৰীৰ এটা কলমৰ আঁচোৰে এতিয়া ৰাজ্যৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব বুলি মন্তব্য আগবঢ়ায়। আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই অবৈধ বাংলাদেশীয়ে ভুল তথ্যৰে এনআৰচিত নাম অন্তৰ্ভূক্তিকৰণ কৰিবলৈ প্ৰচেষ্টা কৰি আছে বুলি মন্তব্য আগবঢ়ায় কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীৰ নাম এনআৰচিত অন্তৰ্ভূক্ত নহয় তাৰ বাবে তন্ন-তন্নকৈ নথি পৰীক্ষা কৰাৰ আহ্বান জনায়।
ইপিনে সংবাদমাধ্যমৰ সন্মুখত প্ৰমোদ বড়োই অবৈধ বাংলাদেশীয়ে ক্ৰমান্বয়ে অৰ্থনীতি, ৰাজনীতি আৰু সমাজ ব্যৱস্থাত খিলঞ্জীয়াৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে বুলি মন্তব্য প্ৰদান কৰি শুদ্ধ এনআৰচি প্ৰস্তুত কৰি খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ আহ্বান জনায়। গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ কাৰ্যকাৰী সভাপতি নুৰুল হকেও বাংলাদেশীমুক্ত এনআৰচিৰ প্ৰস্তুতকৰণৰ দাবী উত্থাপন কৰে।