মঙলদৈত চহিৰ-নুৰুলৰ সৈতে সমুজ্জ্বল, এটা কলমৰ আঁচোৰত খিলঞ্জীয়াৰ ভৱিষ্যৎ

মঙলদৈঃ অসম আন্দোলন মঙলদৈৰ পৰা আৰম্ভ হৈছিল৷ গোটেই বিষয়টো উত্থাপন হৈছিল মঙলদৈৰ পৰা৷ মঙলদৈ আৰু দৰং জিলাৰ ওপৰত অসমৰ মানুহে চকু দি আছে৷ আমাৰ জাতিটোৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ দায়িত্বটোৱে এনআৰচিৰ কামৰ সৈতে জৰিত লোকসকলৰ৷ তেওঁলোকে দিনে নিশাই কাম কৰি আছে৷ তেওঁলোকক মনোবল সাহস দিবলৈ আমি ইয়ালৈ আহিছো৷

এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ বুধবাৰে নিশা মঙলদৈৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ এই মন্তব্য আগবঢ়ায় উপদেষ্টাগৰাকীয়ে৷ ভট্টাচাৰ্যই আৰু কয় ‘বাংলাদেশীয়ে ভুল তথ্যৰে এনআৰচিত নাম অন্তৰ্ভূক্তিকৰণ কৰিবলৈ প্ৰচেষ্টা কৰি আহিছে৷ কোনো কাৰণতে যাতে অবৈধ বাংলাদেশীৰ নাম এনআৰচিত অন্তৰ্ভূক্ত নহয় তাৰ বাবে তন্ন-তন্নকৈ নথি পৰীক্ষা কৰাৰ আহ্বান জনাইছো বিষয়া-কৰ্মচাৰীক’।

শুদ্ধ এনআৰচি প্ৰস্তুতকৰণত দিনে নিশাই কাম কৰি থকা বিষয়া-কৰ্মচাৰীসকলৰ কৃতজ্ঞতা জ্ঞাপন কৰি উপায়ুক্তক সাক্ষাৎ কৰি বিষয়া-কৰ্মচাৰীৰ এটা কলমৰ আঁচোৰে এতিয়া ৰাজ্যৰ খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব বুলি মন্তব্য আগবঢ়ায়। আছুৰ কেইবাগৰাকী স্থানীয় নেতাৰ লগতে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ মুখ্য উপদেষ্টা চহিৰ ভূঞা, কাৰ্যকাৰী সভাপতি নুৰুল হক উপস্থিত থাকে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতে৷

এনআৰচিৰ কামৰ সৈতে জৰিত বিষয়া-কৰ্মীসকলে অতি কষ্টৰে নিয়াৰিকৈ সততাৰে কাম কৰি গৈছে৷ তেওঁলোকে দিনে নিশাই কাম কৰি আছে৷ তেওঁলোকক মনোবল বৃদ্ধি তথা সাহস দিবলৈ আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাজ্যৰ ইমুৰৰ পৰা সিমুৰলৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ বিষয়া-কৰ্মচাৰীৰ খবৰ লোৱাৰ লগতে এনআৰচিত যাতে কোনো কাৰণত বাংলাদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে আহ্বান জনাই আহিছে৷