দিছপুৰত বহি লোৱা শৈক্ষিক চিন্তাবোৰ কেৱল চমকহে

নগাঁওঃ 'সমাজ জীৱন সমৃদ্ধিশালী কৰিবলৈ ত্যাগ আৰু সমন্বয়েৰে আগবাঢ়িব লাগিব৷ এনেদৰে আগবাঢ়ি যোৱাৰ বাবে শক্তিশালী মাধ্যম হৈছে শিক্ষা৷ গতিকে শিক্ষা ব্যৱস্থাটো ইয়াৰ বাবে গতিশীল কৰি তুলিব লাগিব৷ এইক্ষেত্ৰত প্ৰধানকৈ প্ৰাথমিক শিক্ষাক অধিক গুৰুত্ব দিব লাগিব ৷কাৰণ শিক্ষাৰ মূল ভেটি হৈছে প্ৰাথমিক শিক্ষা ৷ভেটি শক্তিশালী হ’লেহে ঘৰটো শক্তিশালী হয় ৷ শিক্ষাৰ ভেটিটো শক্তিশালী কৰিবলৈ ইয়াৰ পৰিবেশ সৰ্বাংগসুন্দৰভাবে গঢ়ি তোলাটো অতি দৰকাৰী ৷ এইক্ষেত্ৰত অসমৰ বিদ্যালয়সমূহত প্ৰাক-প্ৰাথমিক স্তৰ খুলিবই লাগিব৷ 'এই মন্তব্য আছুৰ উপদেষ্টা ড০ সমজ্জুল কুমাৰ ভট্টাচাৰ্যৰ৷

নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰক’লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱৰ আজিৰ মুকলি সভাত নিৰ্দ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি ড০ ভট্টাচাৰ্যই পাঠ্যপুথি,পাঠ্যক্ৰম আৰু পৰীক্ষা ব্যৱস্থাটোৰ পৰিৱৰ্তন আৰু সংস্কাৰৰ অত্যন্ত প্ৰয়োজন বুলি বুলি দোহাৰি পাঠ্যক্ৰম আৰু পাঠ্যপুথি শিপাৰ লগত সম্পৰ্ক থকাটো গুৰুত্বপূৰ্ণ বুলি অভিমত ব্যক্ত কৰাৰ লগতে বৰ্তমান সময়ত যুক্তাক্ষৰ নজনাকৈ বহু ছাত্ৰ-ছাত্ৰী নৱম শ্ৰেণী পোৱাটো সৰ্বশিক্ষাৰ এইটো কি শিক্ষা বুলি প্ৰশ্ন উত্থাপন কৰে ৷প্ৰসংগক্ৰমে মধ্যাহ্ন ভোজন প্ৰয়োজন বুলি অভিমত ব্যক্ত কৰি আছুৰ উপদেষ্টাগৰাকীয়ে ইয়াৰ ফলত শিক্ষানুষ্ঠানবোৰত অশৈক্ষিক পৰিৱেশৰ সৃষ্টি হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰে৷

ভাষণ প্ৰসংগত ড০ ভট্টাচাৰ্যই গুণোৎসৱৰ চিন্তাটো ভাল,কিন্তু ইয়াৰ দ্বাৰা কি উপকাৰ হৈছে সেই কথাও চাব লাগিব ৷গুণোৎসৱৰ চিন্তা আৰু পদ্ধতিটো প্ৰকৃততে নিখুত নহয় বুলি স্পষ্ট কৰি তেওঁ লগতে কয় যেশৈক্ষিক সিদ্ধান্তবোৰ দিছপুৰত বহি কেৱল চমক সৃষ্টি কৰাৰ এক মাধ্যম ৷কাৰণ প্ৰায়বোৰ মন্ত্ৰী-বিধায়ক আৰু বিষয়া-আমোলাই নিজৰ সন্তানক চৰকাৰী বিদ্যালয়ত নপঢ়ায় বাবে তেওঁলোকে চৰকাৰী বিদ্যালয়ৰ দুৰৱস্থাৰ কথা অনুধাবন কৰিব নোৱাৰে ৷যদি তেওঁলোকৰ সন্তানবোৰক চৰকাৰী বিদ্যালয়ত পঢ়োৱালে হয়,তেন্তে এইবোৰ বিদ্যালয়ৰ অৱস্থা দুৰৱস্থালৈ গতি নকৰিলে হেতেঁন ৷আনহাতে,ড° ভট্টাচাৰ্যই চৰকাৰক সন্মানীয় শিক্ষক-শিক্ষয়িত্ৰীসকলক তুচ্ছ-তাচ্ছিল্য কৰাৰ পৰা বিৰত থাকি এইসকলক সন্মান সহকাৰে মৰ্যদা দিব লাগিব বুলিও দৃঢ়তাৰে বক্তব্য আগবঢ়ায় ৷

উদযাপন সমিতিৰ সভাপতি গুৰুমুখ সিঙৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনিত ড° ভট্টাচাৰ্যই অসমত সোনকালে 'নাক'ৰ দৰে বিদ্যালয়বোৰতো মূল্যায়ংকন আয়োগ গঠন কৰিব লাগে বুলি ঘোষণা কৰি বৰক’লাৰ দৰে ধৰ্মীয় সহনশীলতা আৰু উদাৰতাৰ উজ্বল আদৰ্শ নিহীত হে থকা অঞ্চলটোৰ এই শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীয়ে বিভিন্ন ক্ষেত্ৰত নেতৃৰ্ত্ব দি বৰক’লাৰ সমাজ জীৱন সমৃদ্ধ কৰি তুলিবলৈ সক্ষম হৈছে ৷সোণালী জয়ন্তী উৎসৱ উপলক্ষে শিক্ষানুষ্ঠানখনলৈ গ্ৰন্থ আৰু এটি 'বুক বেংক' উপহাৰ দিয়াৰ কথা কোৱাৰ লগতে অঞ্চলটোত শিশুসকলক উপকৃত কৰিব পৰাকৈ এটি শিশু পুথিভৰাল আছুৰ উদ্যোগত স্থাপন কৰাৰ পোষকতা কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে ৷

বিদ্যালয়ৰ অধ্যক্ষ প্ৰতাপ সিঙে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনিত আছুৰ উপদেষ্টা মণিমাধৱ মহন্ত,কেন্দ্ৰীয় কাৰ্যনিবাহকত্ৰয় জনাৰ্দন গোস্বামী,মৃদুল হাজৰিকা আৰু ৰন্টু শৰ্মাৰ লগতে সদৌ নগাঁও জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ দাস,সাধাৰণ সম্পাদক মুন্না শৰ্মা,সমাজকৰ্মী কমলা ডেকাকে প্ৰমুখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সোণালী জয়ন্তীৰ অন্তিম দিনাৰ অন্যান্য কাৰ্যসূচীৰ ভিতৰত পুৱাৰ ভাগত বিদ্যালয় চৌহদত দিলীপ লস্কৰ,ভদ্ৰকান্ত ডেকা,অম্লানজ্যোতি লস্কৰ আৰু পংকজ লস্কৰৰ নেতৃৰ্ত্বত স্বচ্ছতা অভিযান আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়৷ নিশাৰ ভাগত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানৰ দ্বাৰা সোণালী জয়ন্তী উৎসৱৰ সামৰণি পেলোৱা হয়৷