তেজপুৰত সমুজ্জ্বল, তেজপুৰ জাতীয় জীৱনৰ সাহস-উদ্যম

তেজপুৰঃ তেজপুৰ অসমৰ সমাজ জীৱনৰ সাহস৷ অসমৰ জাতীয় জীৱনৰ উদ্যম৷ অসম আন্দোলনত তেজপুৰৰ অৱদান যঠেষ্ট আছে৷

এই মন্তব্য আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ৷ দেওবাৰে এআৰচি সন্দৰ্ভত শোণিতপুৰ জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰিবলৈ গৈ তেজপুৰত উপস্থিত হৈ এই মন্তব্য আগবঢ়োৱাৰ লগতে আমাৰ জাতিটোৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দায়িত্বটোৱে এনআৰচিৰ কামৰ সৈতে জৰিত লোকসকলৰ বুলি কয়৷

ৰাজ্য খনৰ বিষয়া-কৰ্মচাৰীয়ে দিনে নিশাই কাম কৰি আছে৷ তেওঁলোকক মনোবল সাহস দিবলৈ আমি ইয়ালৈ আহিছো৷ শোণিতপুৰৰ উপায়ুক্তক সাক্ষাৎ কৰিবলৈ গৈ শোণিতপুৰৰ ৰাইজৰ সৈতে মিলিত হয় ভট্টাচাৰ্যই৷ প্ৰায় ১৫ সংগঠনৰ নেতৃত্বৰ সৈতে দেওবাৰে শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ অসম আন্দোলনত তেজপুৰৰ অৱদান যঠেষ্ট বুলিও কয়৷

তেজপুৰৰ পৰা আৰম্ভ হৈছিল অসম আন্দোলনৰ বহু গুৰুত্বপূৰ্ণ অধ্যায়৷ শোণিতপুৰৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ উপদেষ্টাগৰাকীৰ নেতৃত্বত যোৱা জাতীয় সংগঠনৰ দলটোৱে তেজপুৰৰ উপায়ুক্তক সাক্ষৎ কৰাৰ পিছতে জ্যেষ্ঠ নাগৰিকৰ সৈতে মত বিনিময় কৰে।