মোডীয়ে নৱাজ শ্বৰীফক লগ কৰিব পাৰে, মমতাই শিৱসেনাক লগ ধৰিব নোৱাৰিব কিয়

Sanjay Raut@rautsanjay6,twitter
Sanjay Raut@rautsanjay6,twitter

ডিজিটেল ডেস্কঃ তৃণমুল কংগ্ৰেছৰ নেত্ৰী তথা তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে বিজেপি বিৰোধী দলক একত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ মমতাই শেহতীয়াকৈ দিল্লীত বাহৰ পাতি ইটোৰ পিছত সিটো বিৰোধী দলৰ নেতাক সাক্ষাৎ কৰে৷ 

তাৰ মাজতে বিজেপিৰ অন্যতম সহযোগী শিৱসেনাৰ নেতাকো সাক্ষাৎ কৰে মমতাই৷ শিৱসেনাৰ নেতাক সাক্ষাৎ কৰাৰ পাছতেই ৰাজনীতি গৰম হৈ পৰে৷ শিৱসেনাৰ নেতা সঞ্জয় ৰাউতক এই সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰশ্ন কৰাত যদি মোডীয় পাকিস্তানলৈ গৈ নৱাজ শ্বৰীফক লগ ধৰিব পাৰে দলৰ নেত্ৰী মমতাই কিয় লগ ধৰিব নোৱাৰে বুলি কয়৷ 

যদি প্ৰধানমন্ত্ৰী মোডীয়ে পাকিস্তানলৈ গৈ নৱাজ শ্বৰীফক লগ কৰিব পাৰে৷ কিন্তু মমতা আমাৰ দেশৰ এগৰাকী মুখ্যমন্ত্ৰী হয়৷ ৰাউতে আৰু কয় ‘‘মমতা এদিন এনডিএৰ সংগী আছিল আৰু তেওঁ অস্পৃশ্য নহয়৷’’