
নগাঁওঃ বটদ্ৰৱা সমষ্টিৰ দলংঘাটত এবছৰ পূৰ্বে মঙলবাৰৰ দিনটোতে শিক্ষাক ভালপোৱা কেইগৰাকীমান লোকে স্থাপন কৰিছিল শংকৰ-আজান জাতীয় বিদ্যালয় নামৰ এখন শিক্ষানুষ্ঠান৷ চাওঁতে চাওঁতে শিক্ষানুষ্ঠান খনে এবছৰ সম্পূৰ্ণ কৰিলে৷ মঙলবাৰে শিক্ষানুষ্ঠান খনৰ প্ৰথমটো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷
মঙলবাৰে বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত কৰা প্ৰতিষ্ঠা দিৱসত অভ্যাগত, শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক আৰু শুভাকাংক্ষীসকলৰ উপস্থিতিৰে একপ্ৰকাৰে উৎসৱমুখৰ পৰিবেশৰ সৃষ্টি হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ আৰু বন্তি প্ৰজ্বলনৰ অন্তত বিদ্যালয়ৰ ছাত্ৰী স্বাগতা কুমাৰীয়ে বিদ্যালয় প্ৰতিষ্ঠা দিৱস আৰু ছাত্ৰী গৰাকীৰ জন্ম দিৱস উপলক্ষ্যে কেক কাটে৷ পুৱা ১০ বজাত বিগত বৰ্ষৰ বাৰ্ষিক ক্ৰীড়া সমাৰোহৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছতে বিশিষ্ট শিক্ষাবিদ জামালুদ্দিন আহমেদৰ পৌৰহিত্যত মুকলি সভা অনুষ্ঠিত হয়৷
বিদ্যালয়ৰ প্ৰধান শিক্ষক আবিদুৰ ৰহমানে উদ্দেশ্য ব্যাখ্যা কৰা সভাত বিদ্যালয়ৰ সচীব ৰাহুলদেৱ বৰদলৈয়ে বিদ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে৷ এটি ভক্তিমূলক গীতেৰে শুভাৰম্ভ হোৱা সভাত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে সমাজকৰ্মী দুলাল চন্দ্ৰ বৰদলৈ, জাজৰি প্ৰেছ ক্লাৱৰ সভাপতি জয়ন্ত মুদৈ, সাংবাদিক নিতুমনি গোস্বামী, দিলদাৰ হুছেইনকে ধৰি কেইবাজনো গণ্য-মান্য লোক৷ সভাত বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক ফুলাম গামোচা, গ্ৰন্থ আৰু কলমেৰে বিশেষভাবে সম্বৰ্ধনা যাচে৷ সভাৰ মাজ মাজে বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে নৃত্য-গীত পৰিবেশনেৰে উপস্থিত লোকসকলক আপ্লুত কৰে৷