কৰৰাত গুৰুজনাৰ ৫৬৯ সংখ্যক আবিৰ্ভাব মহোৎসৱ উদযাপন

তুলসীবাৰীঃ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহত ধৰ্মীয় তথা সাহিত্য-সংস্কৃতিৰ জাতীয় অনুষ্ঠান শ্ৰী মন্ত শংকৰদেব সংঘৰ ৰঙিয়া জিলা শাখাৰ অন্তৰ্গত উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ উদ্যোগত গুৰুজনাৰ ৫৬৯ সংখ্যক আবিৰ্ভাব মহোৎসৱৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হৈ যায়৷

তদুপলক্ষে আজি পুৱা ধৰ্মধ্বজা উত্তোলন, ভাগৱত শোভাযাত্ৰা অনুষ্ঠিত কৰা হয়৷ বিয়লি অনুষ্ঠিত মুকলি সভাত সংঘৰ বিষয় ববীয়া নগেন চন্দ্ৰ ডেকা, কুমুদ ডেকা, দুলাল বৰুৱাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ তথ্য-কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ শংকৰ ভূঞা, হেমন্ত দাস প্ৰমুখ্যে কেবা গৰাকী আমন্ত্ৰিত অতিথি উপস্থিত থাকি গুৰু জনাই অসমীয়া সমাজ জীবনলৈ আগবঢ়াই যোৱা অবদানৰ বিষয়ে ভাষণ প্ৰসংগত আলোকপাত কৰে৷