জগতগুৰু শঙ্কৰদেৱৰ তিৰোভাৱ তিথিত হৰিনামেৰে মুখৰিত গুৰুজন্মস্থানৰ বটদ্ৰৱাতঃ

newsnextone৷ নগাঁওঃ আজি পবিত্ৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰগুৰুৰ জন্মধাম বটদ্ৰৱাত গুৰুজনাৰ তিৰোভাৱ তিথি 'গুৰু কীৰ্তন' পৰম্পৰাগত নীতি-নিয়মেৰে পালন কৰা হৈছে ৷ দ্বিতীয় বৈকুণ্ঠ শ্ৰীশ্ৰী বটদ্ৰৱা থানত সোমবাৰৰ পৰাই আনুষ্ঠানিকভাৱে গুৰু কীৰ্তনৰ কাৰ্যসূচী আৰম্ভ হৈছে 'গন্ধ গোৱা' অনুষ্ঠানেৰে৷ বিয়লি 'বাহাৰ' গোৱা হয় ৷ বাহাৰত আজি অনুষ্ঠিত হ’বলগা দিন ভাওনাত বালকসকলে ভাৱৰীয়া সাজি নৃত্যৰ পৰম্পৰাগত নিয়ম পালন কৰে ৷ ভাদ মাহৰ পৰম্পৰাগত প্ৰসংগসমূহৰ ওপৰিও আজি গুৰু কীৰ্তন উপলক্ষে গীত গোৱা, ঘোষা কীৰ্তন গোৱা আদি সকলো ধৰ্মীয় কাৰ্য সত্ৰীয়া ৰীতিৰে সম্পন্ন কৰা হ’ব ৷ দুপৰীয়া কীৰ্তন ঘৰ আৰু দৌল মন্দিৰত বিশেষ নাম কীৰ্তনত ভিন্ন স্থানৰ পৰা অাগমন হোৱা সহস্ৰাধিক ভক্তপ্ৰান তীৰ্থযাত্ৰীয়ে অংশগ্ৰহন কৰিব৷ বিয়লি প্ৰতি বছৰে গুৰু কীৰ্তনত প্ৰদৰ্শণ হোৱা 'ভোজন বাহাৰ' আৰু নিশালৈ 'ৰুক্মীনি হৰণ' ভাওনা প্ৰদৰ্শীত হ’ব জানিব পৰা গৈছে৷ আজি পুৱা গোপিনী অাইসকলেও ধৰাবন্ধা নিয়ম অনুসৰি গীত, ঘোষা, কীৰ্তন গাই ভক্তিভাৱেৰে গুৰুজনাক স্মৰণ কৰে ৷ বৰদোৱা থানত শ-শ বছৰধৰি প্ৰচলিত ৰীতি অনুসৰি বিশেষ কীৰ্তনত 'ভোজন বাহাৰ' ৰুক্মীনি হৰণ'ৰ দিহা গোৱা হব৷

ইপিনে, বটদ্ৰৱা থানৰ লগতে অ‍ঞ্চলটোৰ বিভিন্ন বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান আদিত নিশাৰে পৰাই নাম-কীৰ্তন কৰি আজি পুৱাই 'উষা কীৰ্তন' কৰি দুই সত্ৰ পৰিভ্ৰমন কৰে৷ গোটেই নিশা দ্বিতীয় বৈকুণ্ঠৰ চৌদিশত হৰি নামৰ অমিয়া সুৰ গুঞ্জিত হৈ থাকে৷ আজি কাহিলি পুৱাৰে পৰা অসমৰ ভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটে গুৰুজন্মস্থানৰ পবিত্ৰ ভূমিলৈ৷ বিভিন্ন সৰু-বৰ বাহনত গুৰু-আসন প্ৰতিষ্ঠা কৰি হৰি-নাম-কীৰ্তনেৰে যাত্ৰীসকলে পবিত্ৰ বটদ্ৰৱা ধামৰ চৌদিশ পদক্ষিণ কৰে৷  দুপৰীয়াভাগলৈ অগনন তীৰ্থযাত্ৰীৰ সমাবেশ ঘটি জনসমুদ্ৰত পৰিণত কৰিব জগতগুৰুজনাৰ জন্মস্থান তথা আদিলীলাভূমি বৰদোৱা আলিপুখুৰীক৷ আজিৰ পবিত্ৰ দিনটোত শঙ্কৰগুৰুজনাৰ স্মৃতি বিজড়িত বটদ্ৰৱাৰ কীৰ্তনঘৰ, উত্তৰ-দক্ষিণ পদশিলা, আকাশীগংগাৰ পাৰ, ঐতিহাসিক দৌলমন্দিৰ, সতীৰাধিকা মন্দিৰ আদিত হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ যাত্ৰীয়ে বন্তিচাকি-শৰাই নৈবেদ্য আগবঢ়াই নিজৰ লগতে পৰিয়ালৰ মংগল কামনাৰে গুৰুজনাৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি হৰি-নাম-কীৰ্তনৰ অমৃত ধ্বনীৰে মুখৰিত কৰি ৰাখিব পবিত্ৰ বৰদোৱা ধাম৷ উল্লেখ্য যে, প্ৰতি বছৰৰ দৰে আজি গুৰুজনাৰ তিৰোভাৱ তিথিত বটদ্ৰৱা সমবেত হবলগীয়া হাজাৰ হাজাৰ তীৰ্থযাত্ৰীক বটদ্ৰৱাৰ যুবকসকলে একত্ৰিতভাৱে আৰু নিজা উদ্যোগত পবিত্ৰ আকাশীগংগাৰ তীৰত অাপ্যায়ন কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলা পৰিলক্ষিত হৈছে ৷