শিৱসাগৰ ল'ৰাপোতাত শংকৰদেৱৰ জন্মজয়ন্তী উদযাপন

শিৱসাগৰঃ অসম সত্ৰ মহাসভা শিৱসাগৰ জিলা সমিতি, পানবেচা অাঞ্চলিক সমিতিৰ উদ্যোগত অাৰু শ্ৰীশ্ৰী বাসুদেৱ থান টকৌবাৰী সত্ৰ অাৰু কলাকৃষ্টি কেন্দ্ৰ ল'ৰাপোতা, চেনিমৰাৰ মহিলা সমিতিৰ বিশেষ সহযোগত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে শ্ৰীশ্ৰী বাসুদেৱ থান টকৌবাৰী সত্ৰত শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ৫৬৯সংখ্যক জন্মজয়ন্তী উলহমালহেৰে পালন কৰা হয়।

প্ৰথমদিনা কাৰ্য্যসূচী অনুসৰি পুৱা ঊষা কীৰ্ত্তন অাৰু বন্তি প্ৰজ্বলনৰ পাছতেই ধৰ্মধ্বজা উত্তোলন কৰে অসম সত্ৰ মহাসভাৰ পানবেচা অাঞ্চলিকৰ সভাপতি পৰেশ শৰ্মা অাৰু শিৱসাগৰ জিলাৰ সমিতি উপ সভাপতি চন্দ্ৰ বুঢ়াগোঁহাইয়ে৷ ইয়াৰ পাছতেই অনুষ্ঠিত হয় শিৱসাগৰ জিলা ভিত্তিত মহিলা দিহা নাম প্ৰতিযোগিতা।

এই প্ৰতিযোগিতাখনি উদ্বোধন কৰে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দিলিপ বুঢ়াগোঁহাইয়ে। পিছৰ দিনা কায্যসুচী অনুসৰি পুৱা শৰাই উৰ্চগা, নাম প্ৰসংগ অাৰু ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সভাপতি তুলসী শেনচোৱাৰ সঞ্চালনাত ‘‘সাম্প্ৰতিক কালত শংকৰী কলাকৃষ্টিৰ প্ৰাসংগিকতা’’ বিষয়ক ধৰ্মালোচনী সভা অনুষ্ঠিত হয়৷

সভাত গড়গাঁও মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপিকা ড০ অৰুন্ধতী মহন্ত, অসম কৃষি বিশ্ববিদ্যালয়ৰ ড০ বিপিন খঙীয়া, শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ সম্পাদক নিৰঞ্জন মহন্ত, সহকাৰী সম্পাদক গৌতম কোঁচ, পানবেচা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ৰঞ্জিত বৰুৱা অালোচক মণ্ডলী হিচাপে উপস্থিত থাকে৷

ভূবন চন্দ্ৰ গগৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দিলিপ বড়া, বিশিষ্ট সমাজকৰ্মী তথা তেল অাৰু প্ৰাকৃতিক গেছ অায়োগৰ জ্যেষ্ঠ অভিযন্তা কমল বুঢ়াগোঁহাই, শিৱসাগৰৰ যুৱ নাট্যশিল্পী তথা সাংবাদিক প্ৰান্তিক শৰ্মা বিশেষ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি সভাত বক্তব্য অাগবঢ়ায়।

এই ধৰ্মালোচনী সভাখনত স্থানীয় শিল্পী পিংকী মহন্তই বৰগীত অাৰু স্থানীয় শিশুশিল্পী সকলে মাটিঅাখৰা নৃত্য প্ৰদৰ্শন কৰি সকলোকে অাপ্লুত কৰে। সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান উদ্ধোধন কৰে বিশিষ্ট সমাজকৰ্মী ত্ৰিলোচন খঙীয়াই। এই সাংস্কৃতিক অনুষ্ঠানত শংকৰ গুৰু সাংস্কৃতিক গোষ্ঠীৰ সহযোগত অাৰু স্থানীয় কণকণ মইনাসকলৰ দ্বাৰা ‘‘মহাৰাসৰ কিয়দাংশ ৰাসলীলা’’ অাৰু ‘‘চোৰধৰা পিম্পৰা গুচোৱা’’ নাটৰ ভাওনা প্ৰদৰ্শন কৰা হয়।

এই অনুষ্ঠানতে জিলা ভিত্তিত অনুষ্ঠিত হোৱা দিহানাম প্ৰতিযোগিতাত প্ৰথম স্থান পাবলৈ সক্ষম হোৱা ৰংপুৰ মহিলা দিহানাম দল, দ্বিতীয় স্থান অধিকাৰ কৰা হাতীঘূলী জ্যোতিময় মহিলা দিহানাম দল, তৃতীয়স্থান পাবলৈ সক্ষম হোৱা লাকুৱা মণিকাঞ্চন ৰজাচুক দিহানাম দল অাৰু উদগনি পুৰস্কাৰ প্ৰাপ্তক বানমুখ মিলিজুলি চেমনিয়া মহিলা দলক নগদ ধন অাৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়।