বটদ্ৰৱা থানত গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ আয়োজন

জাজৰিঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানত পৰম্পৰাগত নীতিৰক্ষা কৰি ২৯, ৩০ চেপ্তেম্বৰ আৰু ১ অক্টোৱৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া গুৰুজনাৰ জন্মজয়ন্তীৰ প্ৰচাৰপত্র আজি আনুষ্ঠানিক ভাৱে মুকলি কৰে।

আজি থান প্ৰাঙ্গনৰ সভাগৃহত থান পৰিচালনা সমিতিৰ সদস্যসকলৰ উপস্থিতিত সাধাৰণ সম্পাদক ব্ৰজেন কাকতিয়ে প্ৰকাশিত কাৰ্যসূচীভাগ মুকলি কৰে। প্ৰকাশিত তিনিদিনীয়া কাৰ্যসূচীত তালকোবোৱা প্ৰসংগ, মঞ্জিৰা নাম, আইসকলৰ নাম, খোলপ্ৰসংগ, নামপ্ৰসংগ, গুৰুচৰিত পাঠৰ উপৰি প্ৰথম দিনা সন্ধিয়া ৬ বজাত সত্রীয়া সাংস্কৃতিক অনুষ্ঠান, দ্বিতীয় দিনা পুৱা  ৯ বজাত সাংস্কৃতিক শোভাযাত্রা, নিশা ৯ বজাত শ্ৰীশ্ৰী নৰোৱা সত্রৰ ভক্তসকলে পৰিবেশন কৰিব "বলি চলন" ভাওনা।

তৃতীয় দিনা মাংগলিক অনুষ্ঠানৰ উপৰি দিনৰ ১ বজাত হ’বলগীয়া মুকলি সভাত অসমৰ ৰাজ্যপাল বানোৱাৰীলাল পুৰোহিত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব বিত্ত, স্বাস্থ্য, শিক্ষা মন্ত্রী হিমন্ত বিশ্ব শৰ্মা, বটদ্ৰৱাৰ বিধায়িকা আঙুৰলতা ডেকা, বিধায়ক ডিম্বেশ্বৰ দাস, বিধায়ক ৰূপক শৰ্মা।

নিশা বৃহত্তৰ জাজৰি অঞ্চলৰ ভক্তপ্ৰাণ ৰাইজে "গয়াসুৰ তীৰ্থযাত্রা" ভাওনা পৰিবেশন কৰিব আৰু গুৰুজনাৰ জন্মজয়ন্তী উৎসৱৰ সামৰণি পৰিব।