
ৰঙিয়াঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৰঙিয়া কেকেনীকুছি প্ৰাথমিক শাখাৰ উদ্যোগত আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৫৬৯ তম্ আৱিৰ্ভাৱ মহোৎসৱ আৰম্ভ হৈছে।
কেকেনীকুছি প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগনত অনুষ্ঠিত হোৱা কাৰ্যসূচীৰ আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ভাগৱত পাঠৰ পিছতে আৰম্ভ হয় খেল ধেমালী প্ৰতিযোগিতা।
কন কন ল’ৰা-ছোৱালীৰ মাজত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনৰ শুভ উদ্ধোধন কৰে নিউজ নেক্সট ওৱানৰ সাংবাদিক নছিউৰ ৰহমানে। আনহাতে দিনৰ ২ বজাৰ পৰা আৰম্ভ হৈছে সাহিত্য প্ৰতিযোগিতা।