
জাজৰিঃ অসমীয়া জাতিৰ বিপৰ্যয় আহিছে৷ ভাষাৰ বিপৰ্যয় হ’বলৈ ধৰিছে। আমাৰ যেনেকৈ ভাষাৰ বিপৰ্যয় হৈছে, তেনেকৈ যদি সত্রীয়া সংস্কৃতিৰো বিপৰ্যয় হৈছে, তেনেহলে ইয়াৰ উত্তৰনৰ বাবে সত্র সমূহেই ব্যৱস্থা লব লাগিব৷ এই গুৰুত্বপূৰ্ন বক্তব্য বিশিষ্ট শংকৰী সাহিত্যৰ গৱেষক ড০ নৰেন কলিতাৰ৷
বটদ্ৰৱাৰ শ্ৰীশ্ৰী ভেতিয়নি নৰোৱা সত্রত অনুষ্ঠিত পশ্চম নগাঁও জিলা সত্র মহাসভাৰ ৫ম দ্বি-বাৰ্ষিক অধিবেশনৰ মকলি সভাত এই মন্তব্য কৰ্ কলিতাই৷ তেও অসমীয়া জাতি মুৰ দাঙি থাকিবলৈ তথা সংস্কৃতিৰ ভৰাৰ চহকী কৰি ৰাখিবলৈ সত্রীয়া সংস্কৃতি আমাৰ মাজত জীয়াই ৰাখিব লাগিব বুলি কয়৷
মুকলি সভাত নৱনিৰ্বাচিত সভাপতি ঘনমোহন গোস্বামীৰ সভাপতিত্বত সত্র মহাসভাৰ অন্তৰ্গত পাঁচগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে পৰমানন্দ দেৱ মহন্ত, শিল্পী মানিক কলিতা, অৰুনা বৰা, হেমৰাম কলিতা আৰু কাৰ্তিক পাটৰক বিষেশ ভাৱে সমম্বনা জনোৱা হয়। সভাত মূখপত্র 'সত্রাঞ্জলি' উন্মোচন কৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰমনি কুমাৰ ভূঞাই। সম্পাদক বুধিন মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাই উদ্বোধন কৰে মুকলি স