
ওদালগুৰিঃ সৰস্বতী পূজাৰ বাবে মাজত মাথো কেইটামান ঘন্টা৷ সোমবাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূঁজাৰবাবে বিদ্যালয়সমূহ। সৰস্বতী পূজা বুলি কলেই ছাত্ৰ-ছাত্ৰীৰ আধ্যাত্মিক তথা পবিত্ৰতাৰে পূজা কৰিবলৈ সাজু হয়৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী৷ ছাত্ৰ-ছাত্ৰীসকলে সৰস্বতী দেৱীৰ মৃন্ময় মূৰ্তিৰ সন্মুখত ভক্তিৰে পূজা কৰিবলৈ সাজু৷ জ্ঞান, সংগীত, শিল্পকলা, বুদ্ধি আৰু বিদ্যাৰ হিন্দু দেৱী সৰস্বতী।
জ্ঞান আৰু শিক্ষাৰ দেৱীক বন্দনা কৰিবৰ বাবে সৰস্বতী পূজাৰ বাবে ছাত্ৰ-ছাত্ৰী সাজু হোৱা দেখা যায়৷ সমগ্ৰ ৰাজ্যৰ লগতে ওদালগুৰি চহৰৰ বিদ্যালয়-মহাবিদ্যালয় সমূহতো দেখিবলৈ পোৱা গৈছে ব্যাপক প্ৰস্তুতি। কৰ'বাত যদি আদৰ্শ গাঁৱৰ আৰ্হি নিৰ্মাণ কৰিছে, আন কৰ'বাত আকৌ সম্পূৰ্ণ আধ্যাত্মিকতাৰে বাগদেৱীক আৰাধনা কৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হোৱা দেখিৱলৈ পোৱা গৈছে। ওদালগুৰি চহৰত এইবেলি প্ৰায় শতাধিক সৰু-বৰ সৰস্বতী পূঁজাৰ আয়োজন কৰা হৈছে।
চহৰখনৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়সমূহত দেখা গৈছে ছাত্ৰ-ছাত্ৰীসকলৰ ব্যাপক উৎসাহ-আনন্দ। শিক্ষাৰ্থীসকলে নিজে হাতে-কামে লাগি বিভিন্ন আকৃতিৰ পূঁজামণ্ডপৰ আৰ্হিসমূহ নিৰ্মাণৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। কেৱল বিদ্যালয়-মহাবিদ্যালয়তে নহয়, বিভিন্ন স্থানৰ ৰাইজে ৰাজহুৱা স্থানত সৰস্বতী পূঁজাৰ আয়োজন কৰা দেখা গৈছে। ইপিনে প্ৰতিমা প্ৰস্তুত কৰা মৃৎ শিল্পীসকল প্ৰতিমাত অন্তিম পৰশ দিয়াত ব্যস্ত হৈ পৰিছে।
সাজু কৰি তুলিছে বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ সৰস্বতী পূঁজাৰ মূৰ্তিসমূহ। এহেজাৰ টকাৰ পৰা আৰম্ভ কৰি আঠ হেজাৰ টকা মূল্যৰ প্ৰতিমা মূৰ্তি নিৰ্মাণ কৰিছে শিল্পীসকলে। কিন্তু মৃৎ শিল্পীসকলৰ ভাষ্য অনুসৰি পূৰ্ৱৰ তুলনাত হ্ৰাস পাইছে তেওঁলোকৰ মূৰ্তি নিৰ্মাণ তথা সৰস্বতী পূঁজাৰ সংখ্যা।
ইফালে চহৰখনৰ একাংশ বিদ্যালয়-মহাবিদ্যালয়ে কৃত্ৰিম বাহ্যিকতাক পৰিহাৰ কৰি আধ্যাত্মিকতাৰে বিদ্যাৰ দেৱীক পূঁজা কৰাৰ বাবে আয়োজন চলাইছে। বিভিন্ন শিক্ষা প্ৰতিষ্ঠান সমূহে নিজৰ প্ৰতিষ্ঠানসমূহলৈ ভক্তক আদৰাৰ বাবে চলাইছে ব্যাপক প্ৰস্তুতি। এক কথাত কবলৈ গ'লে সৰস্বতী পূজা উপলক্ষে বাগদেৱীৰ বন্দনাৰে সোমবাৰে মুখৰিত হৈ পৰিব ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালয়ৰ লগতে পূঁজাথলীসমূহ।