
গুৱাহাটীঃ ঐতিহ্যমণ্ডিত ভূমিপুত্ৰ মটক জনগোষ্ঠীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক মটক ৰজা সৰ্বানন্দ সিংহ বঁটা প্ৰদান কৰিব।
একালত মোৱামৰীয়া বিদ্ৰোহৰ নেতৃত্ব দিয়া মটক জনগোষ্ঠীয়ে প্ৰাক-আহোম যুগৰপৰাই অসমৰ সৌমাৰখণ্ডত বসবাস কৰি আহিছে৷ মটক জনগোষ্ঠীৰ ৰজাগৰাকীৰ নামত প্ৰতিবছৰে প্ৰদান কৰি অহা বঁটা এইবেলি মুখ্যমন্ত্ৰীক প্ৰদান কৰিব।
জাতি-মাটি-ভেটি ৰক্ষাৰ স্বাৰ্থত দিন ৰাতি একাকাৰ কৰি কাম কৰা জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ কৰ্মৰাজিলৈ সন্মান জনাই আগবঢ়োৱা হৈছে ২০১৮ বৰ্ষৰ ‘সৰ্বানন্দ সিংহ বঁটা’৷
কেইবাটাও মটক সংগঠনৰ যৌথ উদ্যোগত আগবঢ়োৱা এই বঁটাই শুভকাংক্ষীসকলক উৎফুল্লিত কৰি তুলিছে৷ অহা ২৭ মে’ত তিনিচুকীয়াৰ পদুমণিত সোণোৱালক এই বঁটা প্ৰদান কৰিব মটক সংগঠনে৷