আতংক, নিশাৰ ভিতৰতে নিশ্চিহ্ন হ’ব পানপুৰ মথাউৰি

চতিয়াঃ এটি মথাউৰিক লৈ আতংকিত হৈ পৰিছে ৰাইজ৷ অলপ ঠাই বাবে ৰৈ থকা মথাউৰিটো নিশাৰ ভিতৰতে নিশ্চিহ্ন হোৱাৰ আশংকাত টোপনি নোহোৱা হৈছে ৰাইজৰ৷

চতিয়াৰ দক্ষিণ অঞ্চলৰ বিশ্বনাথ, চতিয়া, জামোগুৰি হাটক ৰক্ষা কৰি থকা বিশ্বনাথৰ পানপুৰ মথাউৰিটো ৯০ শতাংশ  ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে৷ খহনীয়াৰ গ্ৰাসত পৰা মথাউৰিটোৰ তলৰ অংশ পানীত খহি যাবলৈ লৈছে।

আজি নিশাৰ ভিতৰতে মথাউৰিটো ব্ৰহ্মপুত্ৰৰ বুকুত বিলীন হৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰিছে। বিগত বৰ্ষত ১৭৭ কোটি টকা জিঅ' বেগেৰে খহনীয়া ৰোধৰ বাবে চৰকাৰে আবন্টন দিছিল যদিও নিম্নমানৰ কাম কৰি বৃহৎ ব্যৱসায় প্ৰতিষ্ঠান ফ্লেকচিটাপ আৰু এছ এম নামৰ কোম্পানী দুটাই ধনৰ শৰাধ কৰা বুলি অভিযোগ উত্থাপন হয়৷

পৰিণতিতে ১৭১ কোটি টকা খৰছ কৰিও ৰুধিবলৈ সক্ষম নহ'ল ব্ৰহ্মপুত্ৰৰ পানপুৰ মথাউৰি৷ ইতিমধ্যে বিশ্বনাথ জিলা প্ৰশাসনে মথাউৰিৰ ওচৰত বসবাস কৰি অহা লোকক অন্য স্থানলৈ যাবলৈ নিৰ্দেশ দিছে৷ যাৰ বাবে সমগ্র অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি হৈছে।