শ্ৰীমন্ত শংকৰদেৱক পতঞ্জলিৰ সতীনাথ বৰালৰ কটূ মন্তব্যৰ প্ৰতিবাদত নগাঁওত প্ৰতিবাদী সমদল

newsnextoneনগাঁওঃ অসমীয়া জাতীয় জীৱনৰ জনক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ সন্দৰ্ভত পতঞ্জলিৰ যোগ নিৰীক্ষক সতীনাথ বৰালে কৰা কটূ মন্তব্যক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰৱল প্ৰতিবাদ বৰ্তমানেও অব্যাহত আছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে পতঞ্জলি যোগপীঠৰ প্ৰতিনিধি সতীনাথ বৰালৰে কৰা কটূ মন্তব্যৰ প্ৰতিবাদত আজি নগাঁৱত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক প্ৰতিবাদী সমদল অনুষ্ঠিত হৈ যায়৷ উক্ত বিষয়টোক কেন্দ্ৰ কৰি আজি গুৰুজনাৰ আদি লীলাভূমি নগাঁও উত্তাল হৈ পৰে। 

নগাঁৱত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰৱল প্ৰতিবাদৰ পিছত আজি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নগাঁও জিলা শাখায়ো প্ৰতিবাদী সমদল বাহিৰ কৰে। এই প্ৰতিবাদী কাৰ্যসূচীটোৰ জৰিয়তে উত্তৰ-পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠানটোৰ সদস্য সকলে অসমীয়াৰ স্বাভিমানত আঘাত হানি সমন্বয়-সংহতি বিনষ্ট কৰি অসমীয়া সমাজখনৰ হৃদস্পন্দন ৰুদ্ধ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা সকলক কঠোৰ সকিয়নি প্ৰদান কৰে। 

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মূল কাৰ্যালয়ৰ পৰা নগাঁও চহৰৰ মাজেৰে উলিওৱা এই প্ৰতিবাদী সমদলৰ অন্তত জিলা উপায়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী, ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ  এই বিষয়টোৰ সন্দৰ্ভত তদন্ত কৰি কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় |

জয়ন্ত মুদৈ,নগাঁও