উৰিয়ামঘাটত শ্ৰী সতপাল দেৱ মহাৰাজৰ পবিত্ৰ জন্ম দিৱস পালন

ধনশিৰিঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ উৰিয়ামঘাট ৰ আত্মবোধ আশ্ৰম প্ৰাংগনত আজিৰ পৰা তিনি দিনীয়া কাৰ্যসূচীৰে মহান পুৰুষ মানৱ ধৰ্মৰ প্ৰনেতা সতগুৰু শ্ৰী সতপাল দেৱ মহাৰাজৰ ৬৭তম পবিত্ৰ জন্মদিৱস উদযাপন কৰা হয়৷

১৯, ২০, আৰু ২১ ছেপ্তেম্বৰত তিনি দিনীয়া কাৰ্যসূচীৰে পালন কৰা জন্মদিন অনুষ্ঠানৰ আজি অনুষ্ঠিত প্ৰথম দিনাৰ কাৰ্যসূচী মৰ্মে পুৱা ৮ বজাত সত্য নামৰ ধ্বজা উত্তোলন কৰা হয়৷ ৯ বজাৰ বৃক্ষ ৰোপন কাৰ্যসূচীৰ পাছত ১০ বজাত চাফাই অভিযান কাৰ্যসূচী হাতত লোৱা হয়।

এই অনুষ্ঠানটো সঞ্চালনা কৰে বিশিষ্ট সমাজ সেৱক লীলা বৰাই৷ নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ধনশিৰি মহকুমাৰ সীমান্ত দণ্ডাধীশ প্ৰাণজিৎ কুমাৰ দেৱ, ‘চি’ চেক্টৰৰ চি আৰ পি এফৰ কামাণ্ডাৰ শিৱ স্বামী, উৰিয়ামঘাট আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰেমজিৎ গগৈ ধৰি আন বহু গণ্য মান্য ব্যক্তি৷