
চামগুৰিঃ নগাঁও জিলাৰ পুৰণিগুদাম পানীগাঁওস্থিত শ্ৰীশ্ৰী লেটুগ্ৰাম সত্ৰত ১৫ নৱেম্বৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব সত্ৰীয়া সাংস্কৃতিক দিৱস৷ বিগত ষোল্লটা বছৰে পোন্ধৰ নৱেম্বৰৰ দিনটো অসম সত্ৰ মহাসভাই সত্ৰীয়া সাংস্কৃতিক দিৱস পালন কৰি আহিছে৷ এইবেলিও অহা পোন্ধৰ নৱেম্বৰত নগাঁও জিলা সত্ৰ মহাসভাৰ সপ্তদশ বাৰ্ষিক সত্ৰীয়া সাংস্কৃতিক দিৱস সত্ৰীয়া পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷
সত্ৰীয়া নৃত্যই সৰ্বভাৰতীয় শাস্ত্ৰীয় নৃত্য হিচাপে ১৫ নৱেম্বৰত স্বীকৃতি লাভ কৰিছিল৷ কাৰ্যসূচী অনুসৰি পুৱা পাঁচ বজাত প্ৰাতঃপ্ৰসংগ, পুৱা আঠ বজাত সত্ৰ মহাসভাৰ পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কৃষ্ণ গোস্বামীয়ে৷ স্মৃতি তৰ্পণ কৰিব নগাঁও জিলা সত্ৰ মহাসভাৰ সম্পাদক কুশল চন্দ্ৰ মহন্তই৷ পুৱা ৯.৩০ বজাত পূৱ নগাঁও আঞ্চলিক সত্ৰ মহাসভাৰ দ্বি-বাৰ্ষিক সাধাৰণ সভা আৰু নতুন সমিতি গঠন কৰা হ’ব৷
বি়য়লি নগাঁও জিলা সত্ৰ মহাসভাৰ সভাপতি নবীন চন্দ্ৰ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত হ'ব মুকলি সভা৷ শ্ৰীশ্ৰী লাইআটি সত্ৰৰ সত্ৰাধিকাৰ যুগল চন্দ্ৰ দেৱগোস্বামী আৰু অসম সত্ৰ মহাসভাৰ উপ-সভাপতি দ্বিজেন্দ্ৰ নাৰায়ন দেৱ গোস্বামীয়ে সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ সভাত সত্ৰীয়া সাংস্কৃতিক বিষয়ক আলোচনা অনুষ্ঠিত হ'ব৷
সভাত বিশিষ্ট সাংস্কৃতিক কৰ্মী আৰু শ্ৰীশ্ৰী ডোখোৰামুখ মাহাৰা সত্ৰৰ সত্ৰাধিকাৰ নবীন চন্দ্ৰ গোস্বামী আৰু বিশিষ্ট সাংবাদিক, সাহিত্যিক আৰু সু-অভিনেতা ফণীন্দ্ৰ নাথ গায়নক সম্বৰ্দ্ধনা জনোৱা হ'ব৷ লগতে প্ৰয়াত সত্ৰাধিকাৰ নীলকান্ত মহন্তৰ স্মৃতিত উৎসৰ্গিত জিলা সত্ৰ মহাসভাৰ পত্ৰিকা "সত্ৰ সম্ভাৰ" উন্মোচন কৰা হ'ব৷ সন্ধ্যা পাঁচ বজাত উদযাপন সমিতিৰ উপ-সভাপতি যতীন ভূঞাই বন্তি প্ৰজ্বলন কৰিব৷