
চাবুৱাঃ আধুনিক অসমীয়া সাহিত্যৰ পথ-প্ৰদৰ্শক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কবিতা, নাটক, গল্প, উপন্যাস, প্ৰৱন্ধ, ৰম্যৰচনা, সমালোচনা, জীৱনী-আত্মজীৱনী, শিশুসাহিত্য, সাংবাদিকতা আদি ক্ষেত্ৰত অসমীয়া জাতিক অনবদ্য তথা অমূল্য অৱদান আগবঢ়াই গৈছে।
সাহিত্যৰথীৰ স্মৃতি বিজড়িত এটি ভৱন আছে ওড়িশাত৷ অসমীয়া জাতিৰ গৌৰৱ ওড়িশাত থকা গৃহটো জহি-খহি যাব ধৰাৰ লগতে দলং নিৰ্মাণৰ বাবে ভাঙি পেলাব বিছৰা হৈছে ৷ যাৰ বাবে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ তাৰ মাজতে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতি ভৱনটো সংৰক্ষণ কৰাৰ দাবী জনাইছে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদে।
সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই এক বিবৃতিৰ জৰিয়তে ওড়িশাৰ চম্বলপুৰত থকা অসমৰ গৌৰৱ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ভৱনটো চহৰখনৰ ওপৰত দলং নিৰ্মাণ কৰিবৰ বাবে গৃহটো ভাঙি পেলোৱাৰ সিদ্ধান্ত কৰিছে। অসমীয়া জাতীয় গৌৰৱ বেজবৰুৱা স্মৃতি ৰক্ষা কৰিবলৈ অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে ওড়িশা চৰকাৰ সৈতে যোগাযোগ কৰি ভৱনটো ৰক্ষা কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰাৰ দাবী জনায় সংগঠনটোৱে৷