
খেৰণিঃ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতি নতুন কথা নহয়৷ পৰিষদ খন গঠনৰ পিছৰে পৰা বিভিন্ন সময়ক কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ বিভিন্ন সময়ত বিয়াগোম দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে৷
এবাৰ কাৰ্বি পাহাৰত দুৰ্নীতিৰ অন্য এক তথ্য পোহৰলৈ আহিছে৷ কাৰ্বি আংলঙৰ ছামিলাংছ উন্নয়ন খণ্ডত ভয়ংকৰ দুৰ্নীতিৰ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ তথ্য জনা অধিকাৰ আইনৰ জৰিয়তে লাভ কৰা তথ্যৰ ভিত্তিত একাংশ লোকে কাৰ্বি আংলঙৰ ছামিলাংছ উন্নয়ন খণ্ডত চৰকাৰে আৱন্টন দিয়া উনয়নমূলক কাম-কাজৰ কোটি কোটি টকাৰ ভয়ংকৰ কেলেংকাৰী সংঙটিত গোৱা বুলি অভিযোগ উত্থাপন কৰে৷
আৰ টি আই কৰ্মী ৰবিন বে’ আৰু মহেশ্বৰ টেৰণে আৱেদন কৰা তথ্যৰ ভিত্তিত দুৰ্নীতিৰ ছবি উদঙাই দিয়ে৷ এনে কাৰ্যৰ বিৰুদ্ধে ছামিলাংছ উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মীৰ বিৰুদ্ধে দকমকা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে আৰ টি আই কৰ্মী ৰবিন বে’ আৰু মহেশ্বৰ টেৰণে৷
২০১৫-১৬ বিত্তীয় বৰ্ষত ছামিলাংছ উন্নয়ন খণ্ডক ১১০০ ইন্দিৰা আৱাস গৃহ নিৰ্মাণৰ বাবে ৮ কোটি ২৫ লাখ টকা আৱন্টন দিছিল চৰকাৰে। ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ফলত গৃহবোৰ সম্পূৰ্ণ হৈ উঠা পৰিলক্ষিত হোৱা নাই৷ ছামিলাংছ উন্নয়ন খণ্ডৰ অধীনৰ গাঁও সমূহত বহু ঘৰ আধৰুৱা হৈ থকাৰ লগতে বহু ঘৰৰ অস্তীত্বই নায়৷
আনহাতে ২০১৬-১৭ বৰ্ষত এম জি এনৰেগা আঁচনিৰ অধীনত ৩৯টা আঁচনি ৰূপায়ণৰ বাবে ১ কোটি ১২ লাখ, ২৭ হাজাৰ টকা লাভ কৰিছিল উন্নয়নটোৱে। কোনো কোনো আঁচনিৰ কোনো অস্তীত্ব নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ ২০১৫-১৬ বৰ্ষত ৩৮টা আঁচনি ৰূপায়ণৰ বাবে ১ কোটি ১২ লাখ ১৯ হাজাৰ টকা আৱন্টন দিয়া হৈছিল।
২০১৪-১৫ বৰ্ষটো ১২টা আঁচনিৰ ৰূপায়ণৰ বাবে ১৮ লাখ ৫৯ হাজাৰ, টকা আৰু ২০১৫-১৬ বৰ্ষ ত বিআৰজিএপ আঁচনিৰ অধীনত ৪টা আঁচনিৰ ৰূপায়ণৰ বাবে আৱন্টন দিছিল ৩২ লাখ টকা। অৰ্থাৎ ২০১৪-১৫ পৰা ২০১৬-১৭ বিত্তীয় বৰ্ষলৈকে উন্নয়ন খণ্ডটোত এমজিএনৰেগা আৰু বিআৰজিএফ আঁচনি মিলাই সৰ্বমুঠ ৯৩টা আঁচনি ৰূপায়নৰ বাবে ২ কোটি ৭৫ লাখ ৫ হাজাৰ টকা আৱন্টন দিয়ে চৰাকে।
কিন্তু সম্প্ৰতি আঁচনি ৰূপায়ণৰ নামত ব্যাপক বিসংগতি হোৱাৰ পৰিপ্ৰেক্ষিতত কত কি কাম কৰিছে তাৰ কোনো চিন-চাব দেখিবলৈ নাপালে বুলি অভিযোগ উত্থাপন কৰে আৰ টি আই কৰ্মী ৰবিন বে’ আৰু মহেশ্বৰ টেৰণে৷