গাঁৱলীয়া বেংকৰ মহাপ্ৰৱন্ধকৰ ষড়যন্ত্ৰৰ বলি হল খটখটিৰ ব্যৱসায়ী

বোকাজানঃ বিগত ৪ ডিচেম্বৰত ফ্ৰেণ্ডচ ডিষ্ট্ৰিলেৰী এণ্ড বটলিং ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেডৰ স্বতাধিকাৰী মূলচান্দ ৰাথোড়ৰ খটখটিস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা ব্যৱসায়ীক প্ৰতিষ্ঠানত ডিফু আৰু গুৱাহাটীৰ পৰা অহা এটা বৃহৎ দলে আৰক্ষীসহ উপস্থিত হৈ মূলচান্দ ৰাথোড়ৰ ব্যৱসায়ীক প্ৰতিস্থান ছীল কৰিছিল৷

ডিফুৰ পৰা অহা দণ্ডাধীশ জ্যোতিৰ্ময় দৈমাৰী, লাংপী দেহাংগী গাঁৱলীয়া বেংকৰ মহাপ্ৰৱন্ধক দীপক কুমাৰ ভৌমিকৰ উপস্থিতিত মাকালী এচেছ কনষ্ট্ৰাকছন ছাৰ্ভিচ প্ৰাইভেট লিমিটেডৰ বিষয়া তথা ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত সহকাৰী মহাপ্ৰৱন্ধক দীপক দাসৰ নেতৃত্বত অহা এই বৃহৎ দলটোৰ অভিযোগ অনুসৰি ব্যৱসায়ী মূলচান্দ ৰাথোড়ে বিগত ২০১২ চনত লাহৰিজানৰ লাংপী দেহাংগী গাঁৱলীয়া বেংকৰ পৰা ৭০ লাখ টকা তেওঁৰ ফ্ৰেণ্ডচ ডিষ্ট্ৰিলেৰী এণ্ড বটলিং ইণ্ডাষ্ট্ৰী প্ৰাইভেট লিমিটেড নামৰ সুৰা কাৰখানাৰ বাবে চি চি ঋণ লৈছিল ৷

এই ঋণৰ বন্ধক হিচাপে মূলচান্দ ৰাথোড়ে ৰাখিছিল খটখটিস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ ২ বিঘা ৩ কঠা ৭ লোচা মাটি৷ ২০১২ চনতে ৰাথোড়ে লোৱা ঋণৰ এটকাও পৰিশোধ নকৰাত আৰু বেংক কৰ্তৃপক্ষই বহুবাৰ বিভাগীয়ভাৱে তেওঁক জাননী প্ৰেৰণ কৰাৰ পিছতো তেওঁ কোনো সঁহাৰি নজনোৱাত ৪ ডিচেম্বৰত বেংক কৰ্তৃপক্ষই বৃহৎ দলসহ ব্যৱসায়ীগৰাকীৰ সম্পত্তি ছীল কৰিছিল বুলি লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ মহাপ্ৰৱন্ধকে সাংবাদিকক জানিবলৈ দিছিল৷

কিন্ত উক্ত দিনাই সন্ধ্যালৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে বেংক কৰ্তৃপক্ষলৈ মূলচান্দ ৰাথোড়ৰ সম্পত্তি ছীল নকৰিবলৈ স্থগিতাদেশৰ জাননী প্ৰেৰণ কৰাত সেই অভিযান সিমানতে অন্ত পৰে৷ উক্ত ঘটনা সংঘটিত হোৱাৰ পাছত সাংবাদিকে ব্যৱসায়ী মূলচান্দ ৰাথোড়ৰ পৰা ঘটনাৰ সবিশেষ জানিব বিছৰাত ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনাটো তেওঁৰ বিৰুদ্ধে এক গভীৰ ষড়যন্ত্ৰ বুলি দাবী কৰাৰ লগতে বেংক কৰ্তৃপক্ষই যি ৭০ লাখ টকাৰ চি চি ঋণ তেওঁৰ নামত থকা বুলি কৈছে সেইয়াও এক ভিত্তিহীন অভিযোগ বুলি কয়৷

২০১০ চনতে টাৰিট ৰঞ্জন দেৱ লাহৰিজান লাংপি দেহাংগী গাঁৱলীয়া বেংকৰ মহাপ্ৰৱন্ধক হৈ থকাৰ সময়তে উক্ত বেংকৰ পৰা ৬০ লাখ টকাৰ ট্ৰাম ঋণ আবেদন কৰিছিল আৰু ২০১২ চনত বেংক কৰ্তৃপক্ষই সেই ঋণ তেওঁক মোকলাই দিছিল৷ সেই একে সময়তে বেংক কৰ্তৃপক্ষই তেওঁৰ নামত ৭০ লাখ টকাৰ চি চি ঋণ অনুমোদন জনাইছিল, যিটো কাম বেংক কৰ্তৃপক্ষই তেওঁৰ অজ্ঞাতেই কৰিছিল বুলিও ব্যৱসায়ীগৰাকীয়ে কয়৷ ৰাথোড়ে নিজৰ নামত থকা ৬০ লাখ টকাৰ ট্ৰাম ঋণৰ ধন মোকলাবলৈ যি চেক ব্যৱহাৰ কৰিছিল সেই একে চেক ব্যৱহাৰ কৰি ৭০ লাখ টকাৰ চি চি ঋণৰ পৰা চেক নম্বৰ উহ্য ৰাখি ১৫-২০-৩৫ লাখকৈ ৭০ লাখ টকা কোনো ব্যক্তিয়ে মোকলাই নিছিল৷

উল্লেখ্য যে মূলচান্দ ৰাথোড়ৰ চেক ব্যৱহাৰ কৰি চেক নম্বৰ উহ্য ৰখা এই সমগ্ৰ কাৰ্যটো বেংকৰ কম্পিউটাৰ চিষ্টেমত লিপিবদ্ধ আছে বুলিও তেওঁ জানিবলৈ দিয়ে৷ মূলচান্দ ৰাথোড়ক বেংক কৰ্তৃপক্ষই ৭০ লাখ টকাৰ চি চি ঋণৰ কিস্তিৰ বিষয়ে অৱগত কৰাত তেওঁ হতভম্ব হৈ পৰে আৰু ২০১৬ চনৰ ১০ অক্টোবৰত খটখটি আৰক্ষী থানাত এক গোচৰ ৰজু কৰে৷ আৰক্ষীয়ে ঘটনা সংক্ৰান্তত অনুসন্ধান কৰাত প্ৰকৃত সত্য পোহৰলৈ আহে আৰু মূলচান্দ ৰাথোড়ৰ নামত ৭০ লাখ টকাৰ চি চি ঋণ অনুমোদনৰ পৰা আৰম্ভ কৰি তেওঁৰ চেক নম্বৰ উহ্য কৰি ধন মোকলাই নিয়া সমগ্ৰ ঘটনাটো সেই সময়ৰ বেংকৰ মহাপ্ৰৱন্ধক টাৰিট ৰঞ্জন দেৱ জড়িত আছিল বুলি প্ৰমাণিত হোৱাত আৰক্ষীয়ে টাৰিট ৰঞ্জন দেৱক আটক কৰাৰ লগতে জেল হাজোতলৈ প্ৰেৰণ কৰিছিল৷

পৰৱৰ্তী সময়ত টাৰিট ৰঞ্জন দেৱে জামিন লাভ কৰিবলৈ সক্ষম হৈছিল যদিও বৰ্তমানো উক্ত গোচৰটো ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে বুলি ব্যৱসায়ীগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে৷ ব্যৱসায়ী মূলচান্দ ৰাথোড়ে উক্ত ঘটনাৰ লগত জড়িত সমগ্ৰ নথি-পত্ৰৰ সবিশেষ সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ লগতে যিডোখৰ মাটি তেওঁ বন্ধক ৰাখিছে বুলি বেংক কৰ্তৃপক্ষই ছীল কৰিছিল সেই মাটিৰ প্ৰকৃত পট্টাও প্ৰকাশ কৰে৷ উল্লেখনীয় কথা যে অন্য ব্যক্তিৰ নামত জালিয়াতি কৰি বেংকৰ পৰা লক্ষ লক্ষ টকা হৰলুকি কৰি ৰঙাঘৰৰ আলহী হবলগীয়া হোৱা টাৰিট ৰঞ্জন দেৱৰ বিৰুদ্ধে বেংক কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে তেওঁক পদোন্নতিৰে পুৰষ্কৃত কৰা কাৰ্যই কিন্ত এই সমগ্ৰ ঘটনাটোত যে বেংক কৰ্তৃপক্ষও জড়িত আছে ই সন্দেহৰ আৱৰ্তত৷