শূন্য সহনশীলতা, ঠিকাদাৰ আব্বাছে ৪ কোটিৰে নিৰ্মাণ কৰা পথৰ আয়ুস ৫০ ঘণ্টাহে মাথোন

newsnextone.com | অভয়াপুৰীঃ অগপ, বিজেপি, বিপিএফৰ মিত্ৰদলৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত সম্পূৰ্ণ ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কে শূন্য সহনশীলতাৰ কথা কৈ দুৰ্নীতি ৰোধ কৰাৰ কথা কয় যদিও ৰাজ্য চৰকাৰ খনক ভয় নকৰে ঠিকাদাৰ, অভিযন্তাই৷ 

চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷

তাৰ মাজতে এগৰাকী ঠিকাদাৰে গড়কাপ্তানী বিভাগৰ বিষয়া-অভিযন্তাৰে মিলি ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে বঙাইগাঁও জিলাত৷ কিয়নো প্ৰায় ৪ কোটিৰ টকাৰে নিৰ্মাণ কৰা পথ ৫০ ঘণ্টা পাৰ নৌহওঁতেই চকলা-চকলে এৰি যোৱাত ৰাইজে চৰকাৰক প্ৰশ্ন উত্থাপন কৰি কৈছে এয়া কেনেকুৱা শূন্য সহনশীলতা৷  দুৰ্নীতিকে নীতি হিচাপে গণ্য কৰি ৪ কোটি টকাৰে নিৰ্মাণৰত পথ পালমৰা ধৰণে কাম কৰাত ক্ষোভিত হৈ পৰিছে বঙাইগাঁও জিলাৰ বামুনিটিলাৰ নানকাৰ ৰাইজ৷

সমানে নিৰ্মাণৰত পকী পথ চকলা-চকলে এৰি যোৱাত ক্ষোভিত হৈ পৰিছে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতি৷ বঙাইগাঁও জিলাৰ বিদ্যাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বামুনিটিলাৰ নানকাৰ গাঁও-ঘাকপাৰা ৫০ ঘণ্টা পাৰ নহওঁতেই এফালৰ পৰা এৰি যোৱাত সংগঠনটোৱে পথ অৱৰোধ কৰি ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে আঁচনি মতে পথ নিৰ্মাণৰ দাবী জনায়৷

ক্ষোভিত ৰাইজে পথ অৱৰোধ কৰি চৰকাৰখনৰ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতা নীতিক সম্পূৰ্ণ ভাবে অংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে দুৰ্নীতি কৰিলেও কিয় ব্যৱস্থা গ্ৰহণ কৰা নহয় বুলি প্ৰশ্ন কৰে ৰাইজে৷ বঙাইগাঁও জিলাৰ গড়কাপ্তানী (গ্ৰাম্য) পথ বিভাগে প্ৰধানমন্ত্ৰী গ্ৰাম্য চড়ক যোজনাৰ অধীনত বিদ্যাপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত আৰু বামুনিটিলা গাঁও পঞ্চায়তৰ নানকাৰ গাঁও ঘাক পাৰাত ২৬০০ মিটাৰ পথ ৩ কোটি ৭৯ লাখ ৫০ হাজাৰ টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰি আছে৷ ঠিকাদাৰে পথটো এফালৰ পৰা নিৰ্মাণ কৰি গৈছে আনটো মূৰৰ পৰা পকী সমূহ চপৰা চপৰে এৰি যোৱাত ৰাইজে পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

ৰাইজে মাটিৰ ওপৰতে নিম্ন মানৰ শিল পাৰি সামন্য পৰিমানৰ বিটুমিন ছটিয়াই পথটো নিৰ্মাণ কৰাৰ ফলত এনেদৰে পথটো এৰি যোৱা বুলি কয়৷ আনহাতে চাইডবাম নিদিয়াৰো অভিযোগ উত্থাপন কৰে ৰাইজে৷ শুকুৰবাৰে নানকাৰ গাঁৱ ঘাকপাৰাত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতিয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰায় এঘণ্টা পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। ঠিকাদাৰ আব্বাছ চৰকাৰে অতি নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ উপৰিও পালমাৰি কাম কৰি য়োৱাৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে৷ গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ বঙাইগাঁও জিলা সমিতি আৰু স্থানীয় ৰাইজে এই পথটো নিৰ্মাণত ব্যাপক অনিয়ম-দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি বিষয়া-কৰ্মচাৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷